/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/chirang-2-1.jpg)
ডিজিটেল সংবাদ, চিৰাং : দেশৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ দেশজুৰি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হৈছে । এই আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৩ আগষ্টৰ পৰা হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী ৰূপায়ন কৰিবলৈ দেশৰ প্ৰতিগৰাকী নাগৰিকক আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সন্মান জনাই বুধবাৰে চিৰাং জিলাৰ বাসুগাঁও চহৰত এক বিশাল ত্ৰিৰংগা সমদল উলিওৱা হয় ।
প্ৰতিকূল বতৰকো নেওচি বাসুগাঁও পৌৰসভাৰ উদ্যোগত পাঁচ শতাধিক পুৰুষ মহিলাই হাতে হাতে জাতীয় পতাকা লৈ ১৩ আগষ্টৰ পৰা আৰম্ভ হ'ব লগা "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্য্যসূচীক সফল ৰূপায়ন কৰাৰ উদ্দেশ্যে আৰু জনসাধাৰণক অধিক উৎসাহিত কৰাৰ লক্ষ্যৰে উলিওৱা এই ত্ৰিৰংগা সমদল বাসুগাঁও পৌৰসভা কাৰ্যালয়ৰ সন্মুখৰ যাত্ৰা আৰম্ভ কৰি সমগ্ৰ বাসুগাঁও চহৰ পৰিভ্ৰমণ কৰি ৰাইজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয় ।
বুধবাৰে বাসুগাঁও চহৰৰ ত্ৰিৰংগা সমদলৰ নেতৃত্ব বহন কৰে বাসুগাঁও পৌৰসভাৰ পৌৰপতি সাধন মণ্ডলে। এই ত্ৰিৰংগা সমদলত পৌৰসভাৰ উপ-সভাপতিসহ অন্যান্য ৱাৰ্ড কাউন্সিলাৰ সকলেও অংশগ্ৰহণ কৰে ।
আৰু পঢ়ক : কংগ্ৰেছৰ 'স্বীধনতাৰ গৌৰৱময় যাত্ৰা' আৰম্ভ : জিলাই জিলাই ৰাইজৰ ব্যাপক সঁহাৰি…