চিৰাঙৰ বাসুগাঁৱত বোৱাৰীৰ আত্মহত্যাৰ ঘটনা…

চিৰাঙৰ বাসুগাঁৱত বোৱাৰীৰ আত্মহত্যাৰ ঘটনা…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, চিৰাং : শনিবাৰে চিৰাঙৰ বাসুগাঁৱত আত্মহত্যাৰ ঘটনা সংঘটিত হয় । এগৰাকী নৱ বিবাহিতা বোৱাৰীয়ে চিপজৰী লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মৃত নৱ বিবাহিতা বোৱাৰী গৰাকীৰ নাম লাভলী ৰায় (২০) ।

জানিব পৰা মতে শনিবাৰে দুপৰীয়াৰ ভাগত বাসুগাঁও চহৰৰ গোগলাপাৰাত মাকৰ ঘৰত বাথৰুমত সোমাই ভিতৰৰ পৰা দৰ্জা বন্ধ দিয়ে । বহু সময়ত বাথৰুমৰ পৰা বাহিৰলৈ ওলাই নহাত পৰিয়ালৰ লোকৰ সন্দেহ ওপজাত পৰিয়ালৰ লোকে বাথৰুম দৰ্জা ভাঙি তাইক ওৰণিৰে চিপজৰী লগাই ওলমি থকা অবস্থাত প্ৰতক্ষ কৰে। তাৎক্ষনিক ভাবে বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত লৈ অনা হয় যদিও কৰ্তব্যৰত চিকিৎসকে তাইক মৃত বুলি ঘোষণা কৰে ।

মাত্ৰ চাৰি মাহ আগতে বিবাহ পাশত আৱদ্ধ হোৱা বোৱাৰী গৰাকীৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । চলিত বৰ্ষৰ ২৮ এপ্ৰিল তাৰিখে গোগলাপাৰাৰ উত্তম বৰ্মনৰ কন্যা লাভলী বৰ্মনৰ সৈতে বাসুগাঁও চহৰৰ সমীপৰ ভদেয়াগুৰী গাঁৱৰৰ বাসিন্দা সমীৰণ বৰ্মনৰ প্ৰেম বিবাহ সম্পন্ন হৈছিল ।পৰম্পৰা অনুসৰি ভাদ মাহ উপলক্ষ্যে শহুৰেকৰ ঘৰ এৰি মাকৰ ঘৰত থাকিবলৈ আহিছিল আৰু শনিবাৰে মাকৰ ঘৰতে কি কাৰণত লাভলী বৰ্মনে এনেদৰে চিপজৰী লৈ আত্মহত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।

মৃত লাভলী বৰ্মনৰ পৰিয়ালৰ লোকে সদৰি কৰা মতে যোৱা কিছুদিন ধৰি স্বামী সমীৰণ বৰ্মনৰ সৈতে প্ৰায়ে কাজিয়া হৈছিল । মাকৰ ঘৰত অহাৰ পিছতো শনিবাৰে পুৱাৰ ভাগত ফোনত স্বামী সমীৰণ বৰ্মনৰ সৈতে কাজিয়া হৈছিল । কিন্তু কি বিষয় লৈ কাজিয়া হৈছিল সেয়া পৰিয়ালৰ লোক অৱগত নহয় ।

ইপিনে বোৱাৰীৰ আত্মহত্যাৰ খবৰ লাভ কৰি বাসুগাঁও থানাৰ আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

assam chirang Assam police