/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/ol.png)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বেংতল ৰাজহচক্ৰ এলেকাত বৃহস্পতিবাৰে নিশা বৰদৈচিলাই ভয়ংকৰ তাণ্ডৱ চলায় । ধুমুহাৰ লগতে প্ৰচণ্ড শিলাবৰ্ষনত বিস্তৰ ক্ষয় ক্ষতি অঞ্চলটোৰ ৰাইজ ।
নিশা অহা এই বৰদৈচিলাই ধ্বংস কৰি থৈ যায় চিৰাঙৰ বেংতল-অণ্ঠাইবাৰীৰ প্ৰখ্যাত অৰ্কিড প্ৰেমী অঞ্চৰাম নাৰ্জাৰীৰ সপোনৰ অৰ্কিড সংগ্ৰহালয় ।
কোনো ধৰনৰ চৰকাৰী সাহাৰ্য্য অবিহনে বিগত কুৰি বছৰত নিজৰ একক প্ৰচেষ্টাত প্ৰায় দুশ প্ৰজাতিৰ অৰ্কিড ফুলৰ সংগ্ৰহালয়খন নৱবৰ্ষৰ প্ৰথমটো দিনতে বৰদৈচিলা আৰু শিলা বৰষুণে বিধ্বস্ত কৰি পেলায়।
প্ৰকৃতিৰ এই তাণ্ডৱত অৰ্কিড প্ৰেমী অঞ্চৰাম নাৰ্জাৰীৰ দুটাকৈ গ্ৰীনহাউচ সম্পূৰ্ণ ৰূপে ধ্বংস হোৱাৰ উপৰি ৰঙ বিৰঙৰ অৰ্কিড ফুলেৰে ভৰি থকা তামোল বাগিচা খনৰো বিস্তৰ ক্ষতি সাধন হয় । নতুন বছৰৰ এই প্ৰথমদিনাই এনেধৰনৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈ একপ্ৰকাৰ ভাগি পৰে অঞ্চৰাম নাৰ্জাৰী ।
আৰু পঢ়ক: ৰঙালীৰ আনন্দৰ মাজতেই ধুমুহাত গছ উভালি পৰি প্ৰাণ গ'ল মহিলাৰ…
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us