/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/chirang.jpg)
ডিজিটেল সংবাদ, চিৰাং : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, চিৰাং জিলাৰ উদ্যোগত শনিবাৰে "সখী এক্সপ্ৰেছ" ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত চিদলী আৰু বড়োবাজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ "জীবিকা সখী" সকলৰ মাজত ৫৬ খন স্কুটি আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হয়।
শনিবাৰে কাজলগাঁও বজাৰ সামূহিক কেন্দ্ৰত আয়োজিত এই "সখী এক্সপ্ৰেছ" কাৰ্য্যসূচীৰ অধীনত স্কুটি বিতৰণ কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকি চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ১১ গৰাকী "জীবিকা সখী" সকলক আনুষ্ঠানিক ভাবে স্কুটিৰ চাবিপাত বিতৰণ কৰে ।
এই স্কুটি বিতৰণ অনুষ্ঠানত চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী, জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া অৰবিন্দ ৰাভা, চিদলী উন্নয়ন খণ্ড বিষয়া কুমুদ নাৰ্জাৰী, বড়োবাজাৰ উন্নয়ন খণ্ড বিষয়া নিৰ্জয় ব্ৰহ্ম উপস্থিত থাকে ।