/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1e020fe2-576b-4a11-b0d2-8b89ba63b5fe/chirang.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বাসুগাঁৱত সোমবাৰে পুৱতি নিশা লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হয় । চোকা অস্ত্ৰ দেখুৱাই গৃহস্থক বান্ধি লুটি নিলে কেইবা লক্ষাধিক টকাৰ সোণৰ অলংকাৰ তথা নগদ ধন ।
ডকাইতি কাণ্ডত বাধা প্ৰদান কৰিব যোৱা মহিলাক চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে । প্ৰাপ্ত খবৰ অনুযায়ী বাসুগাঁও চহৰৰ ৰাজাচাৰাং এলেকাৰ বাসিন্দা তথা শিক্ষক গিৰিধৰ শৰ্মাৰ গৃহত সোমবাৰে পুৱতি নিশা এই লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হৈছে । চাৰিজনীয়া ডকাইতৰ দলে প্ৰথমে গিৰিধৰ শৰ্মাক ঘৰৰ পৰা মাতি চোকা অস্ত্ৰৰে ভয় দেখুৱাই বাৰাণ্ডাৰ খুটাত ৰছীৰে বান্ধি ৰাখে ।
কিন্তু গিৰিধৰ শৰ্মাৰ পত্নী ডালিমী দেৱীয়ে ডকাইতৰ দলটোক বাধা প্ৰদান কৰাত তাইৰ ডিঙিত চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে । ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া লোক আগবাঢ়ি আহি মুকুল শৰ্মাৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষক বিশ্বদেৱ শৰ্মা আৰু মাতৃ উৰ্মিলা দেৱীক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনে ।
তাৰ পিছত গিৰিধৰ শৰ্মাক মুক্ত কৰি ঘৰৰ মজিয়াত তেজেৰে তুমুৰুলি হৈ পৰি থকা ডালিমী দেৱীক উদ্ধাৰ কৰি বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । খবৰ লাভ কৰি নিশাৰ ভাগতে বাসুগাঁও থানাৰ আৰক্ষীৰ দল গিৰিধৰ শৰ্মাৰ ঘৰত আহি উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে ।
সোমবাৰে পুৱা ঘটনাস্থলীত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু সমগ্ৰ ডকাইতি কাণ্ডত কোন অপৰাধী চক্ৰ জড়িত হৈ আছে সেয়া উলিয়াবলৈ ক্ষিপ্ৰতাৰে তদন্ত কৰাৰ কথা প্ৰকাশ কৰে ।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us