চিৰাঙৰ বাসুগাঁৱত ই-ৰিক্সা আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ

চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ভূটীয়াপাৰাত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
চিৰাঙৰ বাসুগাঁৱত ই-ৰিক্সা আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ

ডিজিটেল সংবাদ,চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ভূটীয়াপাৰাত বুধবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।মটৰচাইকেল আৰু ই-ৰিক্সাৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।

উক্ত পথ দুৰ্ঘটনাত দুই মটৰচাইকেল আৰোহী আৰু ই-ৰিক্সা চালক গুৰুতৰ ভাৱে আহত হয় । আহত সকলক ততাতৈয়াকৈ বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় । আহত মটৰচাইকেল আৰোহী দুজন ক্ৰমে বঙাইগাঁও জিলাৰ পশ্চিম ভাদ্ৰাগাঁৱৰ আজিবৰ শ্বেখ, ৰশিদুল ইছলাম আৰু ই-ৰিক্সা চালক জনক বাসুগাঁৱৰ সনাতন দেৱনাথ বুলি জানিব পৰা গৈছে ।

লক্ষ্যনীয় উক্ত পথ দুৰ্ঘটনাত মটৰচাইকেল আৰোহী আজিবৰ শ্বেখ গুৰুতৰভাৱে আহত হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ স্থানান্তৰ পৰামৰ্শ দিয়ে ।পৰবৰ্তী সময়ত জৰুৰীকালীন ১০৮ এম্বুলেঞ্চ সেৱা যোগে আহত সকলক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰা হয়। কিন্তু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছ মুহুৰ্ততে খবৰ দিয়াৰ পিছতো জৰুৰীকালীন ১০৮ এম্বুলেঞ্চ আহি নেপোৱাত বাসুগাঁও ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

স্থানীয় লোকৰ অভিযোগ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে জৰুৰীকালীন ১০৮ এম্বুলেঞ্চ সেৱাক ফোন কৰা হৈছিল যদিও ফোন কৰাৰ এক ঘণ্টাত অধিক সময় পলমকৈ ১০৮ এম্বুলেঞ্চ আহি পায় । অৱশ্যে আহত মটৰচাইকেল আৰোহী দুজনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ যোৱাত পৰিস্থিতিৰ শাম কাটে ।

চিৰাঙৰ বাসুগাঁৱত ই-ৰিক্সা আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ
আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ কোকৰাঝাৰৰ জালুক, আলু...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in