চিৰাঙৰ কাজলগাঁও ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা...

চিৰাঙৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁও ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা...

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনে খুন্দিয়ালে এগৰাকী পথচাৰীক।

ফলত থিতাতে নিহত হয় পথচাৰীজন। নিহত পথচাৰী জন ঢালিগাঁও থানাৰ অন্তৰ্গত ডাঙাইগাঁৱৰ সুকুমাৰ ৰায় (৩৭) বুলি চিনাক্ত কৰা হৈছে। সুকুমাৰ ৰায় বৰতালোৱা বজাৰৰ পৰা গৃহ অভিমুখে গৈ থকা অৱস্থাত পাছফালৰ পৰা অচিনাকী বাহনে খুন্দা মাৰাৰ ফলত দুৰ্ঘটনা স্থলীতে মৃত্যু হয় বুলি প্ৰত্যক্ষদৰ্শী সকলে সদৰি কৰে ।

নিহত সুকুমাৰ ৰায় পেচাত পে'ট্ৰলিয়াম ইন্ধন কঢ়িওৱা টেংকাৰ সহ চালক আছিল । আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাৱে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে ।

Also Read: ওদালগুৰি জিলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত...