তিনি সন্তানৰ মাতৃক পিষ্টল দেখুৱাই বলাৎকাৰ, আৰক্ষীৰ সন্মুখতেই অভিযুক্তক গণপ্ৰহাৰ…

তিনি সন্তানৰ মাতৃক পিষ্টল দেখুৱাই বলাৎকাৰ, আৰক্ষীৰ সন্মুখতেই অভিযুক্তক গণপ্ৰহাৰ…

author-image
asomiyapratidin
New Update
তিনি সন্তানৰ মাতৃক পিষ্টল দেখুৱাই  বলাৎকাৰ, আৰক্ষীৰ সন্মুখতেই অভিযুক্তক গণপ্ৰহাৰ…

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বাসুগাঁৱত সোমবাৰে এক ভয়ংকৰ গণপ্ৰহাৰ ঘটনা সংঘটিত হয় । আৰক্ষীৰ সন্মুখতে উত্তেজিত জনতাই এগৰাকী বলাৎকাৰৰ অভিযুক্ত আচামীক গণপ্ৰহাৰ কৰে । জনতাৰ উগ্ৰৰূপ দেখি অসহায় হৈ পৰে আৰক্ষীৰ লোক পিছত সাংবাদিকৰ তৎপৰতাত আৰক্ষীৰ লোকে মুমূৰ্ষ অবস্থাত অভিযুক্ত জনক ক্ষুদ্ধ ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে ।

Advertisment

গণপ্ৰহাৰৰ সন্মুখীন হোৱা বলাৎকাৰৰ অভিযুক্ত গৰাকীৰ নাম বাহাৰুল মণ্ডল ওৰফে হলৈ (৪২) । ঘৰ কোকৰাঝাৰ জিলাৰ সীতামাৰী গাঁৱত । অভিযোগ অনুসৰি দেওবাৰে নিশাত ভাগত চিৰাঙৰ বাসুগাঁও থানাৰ অন্তৰ্গত ভূটীয়াপাৰাত অভিযুক্ত বাহাৰুল মণ্ডলে স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি পিস্তল দেখুৱাই মুখত সোপা দি এগৰাকী তিনি সন্তানৰ মাতৃক বলাৎকাৰ কৰে আৰু এই কুকৰ্মৰ কথা ৰাজহুৱা কৰিলে মহিলা গৰাকীৰ লগতে পৰিয়ালৰ লোকক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে । মৰণ ভাবুকি পোৱাৰ পিছত ভুক্তভোগী মহিলা জনীয়ে দিনৰ দহ বজালৈকে এই ঘটনা সন্দৰ্ভত মুখ খোলা নাছিল।

কিন্তু ওচৰ চুবুৰীয়া আত্মীয় স্বজনে তাইৰ অস্বাভাৱিক আচৰণ দেখি তাইৰ ওচৰত যোৱাৰ পিছত কালি নিশাৰ ঘটনাৰ বৰ্ণণা কৰাত বলাৎকাৰৰ বিষয়টো পোহৰলৈ আহে । পিছত শতাধিক গাওঁবাসী লগত লৈ ভুক্তভোগী মহিলা গৰাকীয়ে বিয়লি তিনিটা বজাত বাসুগাঁও থানাত বাহাৰুল মণ্ডল ওৰফে হলৈৰ বিৰুদ্ধে বলাৎকাৰ কৰা আৰু পিষ্টল দেখুৱাই মৃত্যু ভাবুকি দিয়াৰ এজাহাৰ দাখিল কৰে ৷

ইপিনে কালি নিশা ধৰ্ষণকাণ্ড সংঘটিত কৰি পলায়ন কৰি থকা বাহাৰুল মণ্ডলক বিচাৰি গাওঁৰ লোকে নিজাববীয়াকৈ অনুসন্ধান অব্যাহত ৰাখে । বিয়লি তিনি বজাতে গাওঁবাসীয়ে খবৰ লাভ কৰে যে বলাৎকাৰৰ অভিযুক্ত বাহাৰুল মণ্ডলে বাছেৰে কোকৰাঝাৰ অভিমুখে গৈ আছে । এই খবৰ লাভ কৰাৰ লগে লগে গাঁৱৰ একাংশ যুৱকে খেদি খেদি গৈ কোকৰাঝাৰ চহৰৰ পোৱাৰ আগতেই অভিযুক্ত বাহাৰুল মণ্ডলক বাছৰ পৰা নমাই আনি উত্তম মাধ্যম দি মটৰচাইকেলে দি বাসুগাঁও অভিমুখে আনি থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ দোলোগাঁৱৰ পথৰ ওপৰতে একাংশ উত্তেজিত ৰাইজে গণপ্ৰহাৰ আৰম্ভ কৰে ।

সেই সময়ত বাসুগাঁও আৰক্ষী থানাৰ পৰা আৰক্ষীৰ লোক বাহন লৈ উপস্থিত হয় যদিও উত্তেজিত জনতাই আৰক্ষীৰ সন্মুখতে ধৰ্ষনৰ অভিযুক্ত বাহাৰুল মণ্ডল ওৰফে হলৈক গণপ্ৰহাৰ আৰম্ভ কৰে । উল্লেখ যে অভিযুক্ত বাহাৰুল মণ্ডলৰ বিৰুদ্ধে অবৈধ আগ্নেয়াস্ৰ মজুত ৰখা, অপহৰণ, উগ্রপন্থীৰ নামত ধনদাবী, বাহন চুৰি আদি কৰি বহু কেইটা গোচৰ অসমৰ থানাত পঞ্জীয়ন কৰা আছে ।

ইয়াৰ পূৰ্বে বহু কেইটা গোচৰত অভিযুক্ত হৈ অসমৰ বিভিন্ন জেলত থাকি আহিছে । দুবছৰ পূৰ্বে পুণৰ নিজৰ গাঁৱত ঘুৰি আহিছিল বাহাৰুল মণ্ডল । ইপিনে এই বলাৎকাৰকাণ্ডৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে বলাৎকাৰকাণ্ড সংঘটিত কৰা অভিযুক্ত জনক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী কৰে বড়োলেণ্ড শিৱসেনা দলৰ নেতা শিবু চন্দ, বাসুগাঁও আঞ্চলিক মহিলা সমিতিয়ে ।

আৰু পঢ়ক: মাছ মাৰিবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ…

assam chirang crime rape Assam police