/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/chirang-7.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙত কৰ্তব্যৰত আশাকৰ্মীক শাৰীৰিকভাবে আক্ৰমণ কৰা ঘটনাত জড়িত অভিযুক্ত আকবৰ আলীক গ্ৰেপ্তাৰ কৰাৰ দাবী চিৰাং জিলা সদৰ কাজলগাঁৱত কেইবা শতাধিক আশাকৰ্মীয়ে আইন অমান্য কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । যোৱাৰ ২৩ আগষ্ট তাৰিখে ঢালিগাঁও থানাৰ অন্তৰ্গত নীলিবাৰীত আমিৰণ নেছা (৫০) নামৰ এগৰাকী কৰ্তব্যৰত আশাকৰ্মীক আকবৰ আলী নামৰ এজন দুৰ্বৃত্তই শাৰীৰিক ভাবে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰিছিল ।
চিৰাং জিলা আশাকৰ্মী সন্থাৰ পৰা আৰক্ষীক লিখিত অভিযোগ দিয়াৰ সাতদিন উকলি যোৱাৰ পিছতো অভিযুক্ত আকবৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্য্যৰ তীব্ৰ প্ৰতিবাদ জনাই বিক্ষুদ্ধ আশাকৰ্মী সকলে মঙলবাৰে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় চৌহদত জিলাখনৰ বিভিন্ন এলেকাৰ পৰা প্ৰায় ছয় শতাধিক আশাকৰ্মী নিজৰ কৰ্তব্য এৰি একত্ৰিত হয় ।
তাৰ পিছত বিক্ষুদ্ধ আশাকৰ্মী সকলে জিলা প্ৰশাসনৰ অনুমতি অবিহনেই চিকিৎসালয় চৌহদৰ পৰা এক বিশাল সমদল উলিয়াই আশাকৰ্মী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, আশাকৰ্মীক আক্ৰমণকাৰী আকবৰ আলীক গ্ৰেপ্তাৰ কৰক, অভিযুক্ত আকবৰ আলীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আমি ক্ষান্ত নহও আদি শ্লোগান দি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেদি জিলা উপায়ুক্ত কাৰ্যালয়ৰ দিশে আগবাঢ়ি গৈ থকাৰ সময়তে সমদলকাৰী আশাকৰ্মী সকলক ঢালিগাঁও থানাৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে ।
ন্যায় বিচাৰি আশাকৰ্মী সকলৰ আজিৰ এই আইন অমান্য আন্দোলনৰ নেতৃত্ব বহন কৰা সদৌ অসম আশাকৰ্মী সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা অনুপমা ৰায়, জিলা সভানেত্ৰী অঞ্জলী ব্ৰহ্ম আৰু জয়মতী দাসৰ আগত ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনে অভিযুক্ত আকবৰ আলীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি আগলৈ জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ জনায় ।
জিলা প্ৰশাসন হৈ উপস্থিত হোৱা এগৰাকী দণ্ডাধীশ আৰু আৰক্ষীৰ সৈতে প্ৰায় আধাঘণ্টা সময়ত বাক বিতণ্ডা আৰু আলোচনাৰ অন্তত জিলা প্ৰশাসনক এখন স্মাৰক পত্ৰ কৰে । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আশাকৰ্মী সন্থাৰ নেতৃত্ব সকলে অভিযুক্ত আকবৰ আলীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই সময় বান্ধি দিয়ে অন্যথাই চিৰাং জিলাৰ আশাকৰ্মী সকলে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব বুলি হুংকাৰ প্ৰদান কৰে । ইয়াৰ ফলত যদি কোনো পৰিস্থিতিৰ উদ্ভৱ হয় তেনেহলে তাৰ বাবে জিলা প্ৰশাসন দায়ী হব বুলি মন্তব্য কৰে ।