চিৰাঙত আশাকৰ্মীক আক্ৰমণ, আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ…

চিৰাঙত আশাকৰ্মীক আক্ৰমণ, আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
চিৰাঙত আশাকৰ্মীক আক্ৰমণ, আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ…

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত নীলিবাৰীত এগৰাকী কৰ্তব্যৰত আশাকৰ্মীক দুৰ্বৃত্তৰ দ্বাৰা শাৰীৰিক ভাবে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে কাজলগাঁৱৰ জে.এচ.বি অসামৰিক চিকিৎসালয় চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।

Advertisment

আমিৰণ নেছা (৫০) নামৰ এজন আশাকৰ্মীক কৰ্তব্যৰত অবস্থাত শাৰীৰিক ভাৱে আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে আশাকৰ্মী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা, আশাকৰ্মীক আক্ৰমণ কৰা দোষী ব্যক্তিক আটক কৰাৰ দাবীত কাজলগাঁৱৰ জে.এচ.বি অসামৰিক চিকিৎসালয় চৌহদত চিৰাং জিলা আশাকৰ্মী সন্থাই বিক্ষোভ প্রদর্শন কৰে ।

আশাকৰ্মীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ামতে মঙলবাৰে দুপৰীয়াৰ ভাগত ঢালিগাঁও থানাৰ অন্তৰ্গত নীলিবাৰীৰ জনৈক আকবৰ আলীৰ ঘৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ খবৰ ল'বলৈ যোৱাৰ সময়তে আব্বাছ আলীয়ে প্ৰথমতে আশাকৰ্মী আমিৰণ নেছাৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয় তাৰ পিছত অপ্ৰত্যাশিত ভাবে শাৰীৰিক আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে ।

গুৰুতৰ ভাবে আহত আশাকৰ্মী আমিৰণ নেছাক পৰিয়ালৰ লোকে কাজলগাঁৱৰ জে.এচ.বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । দুৰ্ভাগ্যজনক কথা যে জে.এচ.বি অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে আহত আশাকৰ্মীক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাত নিশাৰ ভাগত পৰিয়ালৰ লোকে তাইক ঘৰত লৈ যায় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে ।

কিন্তু বুধবাৰে পুৱাৰ ভাগত আশাকৰ্মী গৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাত তাইক পুণৰ কাজলগাঁৱৰ জে.এচ.বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । দুৰ্বৃত্তৰ দ্বাৰা কৰ্তব্যৰত আশাকৰ্মীক আক্ৰমণ কৰাৰ ঘটনা বিয়পি পৰাৰ পিছত আশাকৰ্মী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । দলে দলে ক্ষুদ্ধ আশাকৰ্মীয়ে কাজলগাঁৱৰ জে.এচ.বি অসামৰিক চিকিৎসালয়ৰ সন্মুখত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

মঙলবাৰৰ দিনা আশাকৰ্মী গৰাকীক আক্ৰমণ কৰা ঘটনাৰ পিছ মুহুৰ্ততে সমগ্ৰ ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তক অৱগত কৰা হৈছিল, পৰিয়ালৰ তৰফৰ পৰা থানাত এজাহাৰ দাখিল কৰাও হৈছিল। কিন্তু ২৪ ঘন্টা উকলি যোৱাৰ পিছতো চিৰাং আৰক্ষীয়ে দোষী আব্বাছ আলীক গ্ৰেপ্তাৰ নকৰাত আশাকৰ্মী সকলৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি হয়।বুধবাৰৰ ভিতৰতে যদি আশাকৰ্মীক আক্ৰমণ কৰা আকবৰ আলীক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে চিৰাং জিলাৰ আশাকৰ্মী সকলে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰ হুংকাৰ প্ৰদান কৰে ।

assam Assam police himanta biswa sarma