চিৰাঙৰ কাজলগাঁৱত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ…

চিৰাঙৰ কাজলগাঁৱত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
চিৰাঙৰ কাজলগাঁৱত আক্ৰাছুৰ উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱতো সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু উদ্যোগত আৰু কোচৰাজবংশী মহিলা সমিতিৰ সহযোগত কোচৰাজবংশী জনগোষ্ঠীয় লোক সকলক জনজাতি মৰ্য্যাদা প্ৰদান কৰা আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ।

জিলাখনৰ বিভিন্ন এলেকাৰ পৰা অহা আক্ৰাছুৰ সদস্য আৰু মহিলা সকলে হাতে হাতে তেওঁলোকৰ দাবী সম্বলিত প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে ধৰ্ণা স্থলী উত্তাল কৰি তোলে । বিজেপিয়ে হওঁক বা কংগ্ৰেছ দলেই হওঁক প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰাকমূহূৰ্ত্তত কোচৰাজবংশী সকলক জনজাতিৰ মৰ্যাদাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰে আৰু তাৰ পিছত প্ৰতেক বাৰেই জাতিটোৰ সৈতে মিথ্যাচাৰ আৰু প্ৰৱঞ্চনা কৰি আহিছে তথাপিও আক্ৰাছু য়ে জনজাতিৰ মৰ্যাদাৰ কাৰণে গণতান্ত্ৰিক আন্দোলনৰ মাজেৰে দাবী জনাই আছে ।

কিন্তু এতিয়া দেখা গৈছে জনজাতি কৰণৰ সমস্যাটো সমাধানৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কামকাজৰ প্ৰতি মোহভংগ হৈ এতিয়াৰ নতুন প্ৰজন্মৰ যুৱচামে অন্য এটা দিশত গতি কৰা দেখা গৈছে । সেয়ে এতিয়াও সময় আছে চৰকাৰে অতি সোনকালে জনজাতি কৰণৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰক অন্যথা নতুন যুৱচামে যি অন্য এটা পন্থা অৱলম্বন কৰি আছে সেয়া আগলৈ এক ভয়ংকৰ পৰিস্থিতিৰ লোৱাৰ আশংকা প্ৰকাশ কৰে । এনে এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আগতেই অতি সোনকালেই এই কোচৰাজবংশী সকলক জনজাতি কৰণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ আহ্বান জনায় আক্ৰাছুৰ কেন্দ্ৰীয় উপ সভাপতি ব্ৰজেন ৰায়ে ।

আৰু পঢ়ক: ঢকুৱাখনাৰ কৃতিমান শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা…

assam protest