বিভিন্ন দাবীৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ মটৰ চাইকেল ৰেলী

বিভিন্ন দাবীৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ মটৰ চাইকেল ৰেলী

author-image
asomiyapratidin
New Update
বিভিন্ন দাবীৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ মটৰ চাইকেল ৰেলী

ডিজিটেল সংবাদ, চিৰাং: ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে ৰাজ্য চৰকাৰে চাওতাল জনগোষ্ঠীক একপক্ষীয় ভাৱে বিলুপ্ত কৰি নতুনকৈ চাহ জনজাতিলৈ চামিল কৰা কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে অসমত বসবাস চাওতাল সকলৰ অস্তিত্ব ৰক্ষাৰ দাবীৰে চিৰাঙত সদৌ চাওতাল ছাত্ৰ সন্থাৰ বিশাল মটৰচাইকেল ৰেলী কৰে ।

Advertisment

১৫ মার্চত অসম চৰকাৰে গ্ৰহন কৰা চাহ জনজাতি জাতীয় সন্মিলনক জাতিগত প্রমাণ পত্ৰ দিয়াৰ অংগীকাৰ বাতিল কৰা, চাওতাল জনগোষ্ঠীক চাহ জনজাতিৰ পৰিবৰ্তে পূৰ্বৰ দৰেই অন্যান্য পিছপৰা শ্ৰেণীৰ নামতেই জাতিগত প্রমাণ পত্ৰ প্ৰদান কৰা, অসম চৰকাৰ আৰু চাওতাল জনগোষ্ঠীয় দল – সংগঠনৰ মাজত এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমাধানৰ পথ প্ৰস্তুত কৰা আদি কৰি মুঠ ছয় দফীয়া দাবী লৈ এই আজিৰ এই সদৌ চাওতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আজি উলিওৱা মটৰচাইকেল ৰেলী সমগ্ৰ চিৰাং জিলা পৰিভ্ৰমণ কৰিব বুলি সদৰি কৰে ।

শতাধিক মটৰচাইকেল আৰোহীয়ে অংশগ্ৰহন কৰা আজিৰ এই মটৰচাইকেল ৰেলীত উপস্থিত থাকি সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰীমেন চোৰেন সংবাদ মাধ্যমৰ আগত কয় অসমত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠী চাওতাল সকলৰ সুকীয়া ভাষা, সংস্কৃতি, সাহিত্য থকাৰ পিছতো অসম চৰকাৰে চাওতাল সকলৰ অস্তিত্ব বিলুপ্ত কৰি চাহ জনজাতিৰ সৈতে চামিল কৰাৰ বিৰোধীতা কৰি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছতো অসম চৰকাৰ কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে ।

যাৰ কাৰণে চলিত মাহজুৰি অসম চৰকাৰৰ এই হঠকাৰি সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ জিলাই জিলাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হব লগতে চাওতাল জনগোষ্ঠীৰ ১২ টাকৈ জাতীয় সংগঠন একত্ৰিত হৈ গুৱাহাটী মহানগৰীত এক বিশাল গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা ঘোষনা কৰে ।

আৰু পঢ়ক: ধেমাজিত ৰে'লে মহতিয়াই নিলে স্কৰপিঅঃ থিতাতে নিহত ডিম্পুল বৰগোহাঁই…

assam protest amit shah