/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/cpp.jpg)
ডিজিটেল সংবাদ, চিৰাং : সোমবাৰে চিৰাঙত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আৰু চাহ জনগোষ্ঠী জাতি সন্মিলনীৰ অধ্যক্ষ পৃথ্বি মাঝীৰ প্ৰতিকৃতি দাহ সদৌ চাওঁতাল ছাত্ৰ সন্থা ।
অসম চৰকাৰে একপক্ষীয় ভাৱে চাওঁতাল জনগোষ্ঠীৰ স্বকীয়তাক নিশেষ কৰি চাহ জনগোষ্ঠী জাতিৰ সৈতে চামিল কৰণেৰে চৰকাৰী প্ৰমাণ পত্ৰ প্ৰদানৰ কৰাৰ সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাই আজি চিৰাং জিলাৰ চিদলীৰ ছামঠাইবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ অৰ্দ্ধ শতাধিক সদস্যই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আৰু চাহ জনগোষ্ঠী জাতি সন্মিলনীৰ অধ্যক্ষ পৃথ্বি মাঝীৰ প্ৰতিকৃতি দাহ কৰে ।
অসম চৰকাৰ হায় হায় , মুখ্যমন্ত্ৰী ডঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা হায় হায়, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু হায়, চাওঁতাল সকলক চাহ জনগোষ্ঠী জাতি আমি নেমানো, অসম চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক আদি শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ।
অহা ১ মে তাৰিখে চৰকাৰে চাওঁতাল জনগোষ্ঠীৰ লোক সকলক চাহ জনগোষ্ঠী জাতিৰ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে অন্যথাই ইয়াৰ বিৰুদ্ধে অহা ২৭ এপ্ৰিলত সমগ্ৰ অসমৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰাৰ লগতে ২৯ এপ্ৰিল তাৰিখে গুৱাহাটীত প্ৰতিবাদী আন্দোলন কাৰ্যসূচীৰ কথা ঘোষনা কৰে সদৌ চাওঁতাল ছাত্ৰৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক দুৰ্গা চৰেনে ।
আৰু পঢ়ক: লণ্ডনত গবেষনামূলক প্ৰশিক্ষণৰ সুযোগ লাভ নাৰায়ণপুৰৰ ছাত্ৰী প্ৰজ্বলিতাৰ