/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/92836825-6863-4232-9cf4-04ed68852984/Basugaon.jpg)
ডিজিটেল সংবাদ, চিৰাং : যুৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিচাজাতীয় দ্ৰব্য-ড্ৰাগছ, বাল্যবিবাহ আৰু সামাজিক অপৰাধ বিৰুদ্ধে চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ সজাগতামূলক সভা। বাসুগাঁও পৌৰসভা প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰক্ষীৰ এই সজাগতামূলক সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9617533e-0672-4b6c-9b76-97a98bfd967a/9d41e095_e9ab_420e_893e_91c84a950aa6.jpg)
আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই তেখেতৰ ভাষণত উল্লেখ কৰে যে, "সমাজৰ পৰা নিচাজাতীয় দ্ৰব্য তথা ড্ৰাগছৰ প্ৰচলন বন্ধ কৰিবলৈ নাগৰিক সমাজৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। চিৰাং আৰক্ষী ফালৰ পৰা এই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কিন্তু এই নিচাজাতীয় দ্ৰব্য-ড্ৰাগছ বিৰুদ্ধে চলি থকা অসম আৰক্ষীৰ এই যুঁজত নাগৰিক সমাজৰ সহায় সহযোগিতা লাগিব।"
বাল্যবিবাহৰ বিবাহৰ ক্ষেত্ৰত অসম চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত বৰ্তমান সময়ত ইয়াৰ কিছু সুফল পোৱা গৈছে বুলিও উল্লেখ কৰি এই ক্ষেত্ৰত ৰাইজক সচেতন থাকিবলৈ আহ্বান জনায়। লগতে তেওঁ বাসুগাঁও চহৰৰ বৰ্দ্ধিত যানবাহনৰ প্ৰতি লক্ষ্য ৰাখি খুব কম সময়ৰ ভিতৰতে বাসুগাঁও আৰক্ষী থানাত নতুনকৈ যানবাহন আৰক্ষী শাখা খোলাৰ কথা ঘোষণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1736373f-edb2-4569-b63f-e6cea086c032/32ee63e0_6fbd_4197_ac35_a49f18374c69.jpg)
উপস্থিত বক্তাসকলে চিৰাং আৰক্ষীৰ এই পদক্ষেপক প্ৰশংসা কৰে। সভাত উপস্থিত থাকে বাসুগাঁৱৰ পৌৰপতি সাধন চন্দ্ৰ মণ্ডল, বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ মুছাহাৰী, জ্যেষ্ঠ নাগৰিক মঞ্চৰ উপস্থিত সভাপতি তথা বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুৱল বৰ্মন, চিৰাং জিলা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক জয়ন্ত দেৱনাথ সহ বিভিন্ন দল সংগঠনৰ আমন্ত্ৰিত নেতৃবৰ্গ তথা সাধাৰণ ৰাইজ। উল্লেখ্য যে, সজাগতামূলক সভাখনিৰ সঞ্চালনা কৰে বিশাল পালে।
Also Read: জীৱন সঞ্জীৱনী NGOৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষণ শিবিৰ...