চিৰাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ আৱন্টনৰ নামত ব্যাপক কেলেংকাৰী

প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰ এলেকাত এটাৰ পিছত এটা জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিব ধৰিছে ।
চিৰাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ আৱন্টনৰ নামত ব্যাপক কেলেংকাৰী

ডিজিটেল সংবাদ, চিৰাং: প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰ এলেকাত এটাৰ পিছত এটা জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিব ধৰিছে । এইবাৰ চিৰাং জিলাৰ বড়োবাজাৰ উন্নয়ন খণ্ডৰ অধীনস্থ ৰৌমাৰী ভিচিডিচিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন তথা ৰূপায়ণৰ নামত ব্যাপক কেলেঙ্কাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

চৰকাৰী নিয়ম নীতি অনুসৰি বিভাগীয় ভাৱে বাচনি কৰা হিতাধীকাৰীৰ নাম নথিপত্ৰত সন্নিবিষ্ট থকা স্বত্ত্বেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা প্ৰকৃত হিতাধীকাৰী বঞ্চিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । অভিযোগ অনুসৰি ৰৌমাৰী ভিচিডিচি ৰ সভাপতি আৰু সদস্য সকলে নীতি বহিঃভূত ভাৱে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অইন ব্যক্তিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ আবন্টন কৰি আছে ।

এই খেলিমেলিৰ আঁৰত একাংশ ভিচিডিচিৰ সদস্য সকলৰ বিৰুদ্ধে ব্যাপক ধন লেনদেন কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ মতে বিশেষকৈ ৰৌমাৰী ভিচিডিচিৰ অন্তৰ্গত পলাশগুৰি-থাইজোগুৰী গাঁৱৰ ভিচিডিচি সদস্য বেৰ্গো ব্ৰহ্ম, ২নং দাউখানগৰৰ সদস্য তাহেৰ আলী আৰু ২নং দাউখানগৰ উত্তৰখণ্ডৰ সদস্য তয়েজ আলীয়ে চৰকাৰী নীতি নিয়ম ধোঁৱাচাঙত তুলি প্ৰকৃত হিতাধীকাৰীক বঞ্চিত কৰি নিজৰ খেয়াল খুছি মতে পছন্দৰ ব্যক্তিক গৃহ আৱন্টন দিছে ।

চৰকাৰী নথিপত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টিত হৈছে পলাশগুৰী থাইজোগুৰীৰ নিৰল বসুমতাৰীৰ নামত কিন্তু ভিচিডিচি সদস্য বেৰ্গো ব্ৰহ্মই প্ৰকৃত হিতাধিকাৰী নিৰল বসুমতাৰীক সেই গৃহ দিয়াৰ পৰিবৰ্তে নিৰল বসুমতাৰীৰ নিকট আত্মীয় নোমাল বসুমতাৰীক আবন্টিত কৰি দিয়ে অনুৰূপ ভাবে ২ নং দাউখানগৰৰ ছাইদুল আকন্দৰ নামত আবন্টিত গৃহ ভিচিডিচি সদস্য তাহেৰ আলীয়ে ধনৰ বিনিময়ত শ্বহিদুল আকন্দৰ নামত কৰি দিছে ।

ইপিনে দাউখানগৰ উত্তৰ খণ্ডৰ ভিচিডিচি সদস্য তয়েজ আলীয়ে আজিৰন বেগম নামৰ এগৰাকী বিধৱা মহিলাৰ স্বামী ছফিউৰ ৰহমানৰ নামত আবন্টন হোৱা গৃহৰ বাবদ দহ হেজাৰ টকা দাবী কৰে, সেই দাবী কৰা দহ হেজাৰ টকা আদায় দিব নোৱাৰাত সেই গৃহ আব্দুল লতিফ নামৰ এজন ব্যক্তিক আবন্টিত কৰি দিছে বুলি বঞ্চিত মহিলা গৰাকীয়ে অভিযোগ কৰে । বঞ্চিত হিতাধীকাৰী সকলে আজি সংবাদ মাধ্যমৰ কেমেৰাৰ আগত জানিবলৈ দিয়ামতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পূৰ্বৰ বাচনি তালিকা অনুসৰি বড়োবাজাৰ উন্নয়ন খণ্ডৰ পৰা অহা বিষয়ববীয়া সকলে তালিকাভূক্ত লোক সকলৰ গৃহত গৈ জিঅ'টেক পদ্ধতিত ফটো উঠাই লৈ গৈছিল ।

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মঞ্জুৰীপ্ৰাপ্ত হিতাধীকাৰী সকলৰ তালিকা চৰকাৰী ওয়েব ছাইটত প্ৰকাশ পায় । সেইমতে হিতাধীকাৰীৰ তালিকাভুক্ত হোৱা লোক সকলে ভিচিডিচিৰ স্থানীয় সদস্য সকলৰ ওচৰত গৈ জানিব বিচৰাত সদস্য সকলে নানা ধৰনৰ বিসংগতিপূৰ্ণ কথাবতৰা কৈ লোক সকলক ঘুৰাই পঠিয়াই দিয়ে । তাৰ পিছত ৰৌমাৰী ভিচিডিচিৰ সভাপতি মুনিন্দ্ৰ বসুমতাৰীক লগ ধৰি ভিচিডিচি সদস্য সকলৰ মইমতালিৰ কথা অভিযোগ কৰে কিন্তু সভাপতি মুনিন্দ্ৰ বসুমতাৰীয়ে হিতাধীকাৰী সকলৰ কথা গুৰত্ব দিয়াৰ পৰিবৰ্তে দুৰ্নীতিৰ আশ্ৰয় লোৱা ভিচিডিচিৰ সদস্য সকলৰ পক্ষ লৈ হিতাধীকাৰী সকলক চিন্তা কৰিব নালাগে বুলি পৰামৰ্শ দি তিনিবছৰ পিছত তেওঁলোকক দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰি উভতাই পঠিয়াই দিয়ে ।

কিন্তু এজন নিৰ্দিষ্ট হিতাধীকাৰীৰ নামত পঞ্জীকৃত নম্বৰৰ চৰকাৰী গৃহ অবৈধ ভাবে বেলেগ এজনক দিয়াৰ পিছত আকৌ তিনিবছৰ মুৰত একেজন ব্যক্তিৰ নামত কিদৰে পুণৰ এটা নতুন ঘৰ আবন্টিত কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে । ভিচিডিচিৰ সভাপতি আৰু একাংশ সদস্য সকলে ধনৰ বিনিময়ত আৰু ব্যাপক অনিয়মৰ মাজেৰে প্ৰকৃত হিতাধিকাৰী সকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে ।

কিদৰে ভিচিডিচিৰ সভাপতি আৰু একাংশ ভিচিডিচি সদস্য মিলি অইন লোকৰ বেংক একাউন্টত টকা সোমাই দি গৃহ নিৰ্মাণ কৰি আছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী হিতাধীকাৰী সকলে । ইয়াকে লৈ ৰৌমাৰী ভিচিডিচিৰ অন্তৰ্গত গাঁও কেইখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰৌমাৰী ভিচিডিচিৰ এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত কৰা দুৰ্নীতিৰ আশ্ৰয় লোৱা ৰৌমাৰী ভিচিডিচিৰ সভাপতি মুনিন্দ্ৰ বসুমতাৰী পলাশগুৰি-থাইজোগুৰীৰ ভিচিডিচি সদস্য বেৰ্গো ব্ৰহ্ম, ২নং দাউখানগৰৰ সদস্য তাহেৰ আলী আৰু ২নং দাউখানগৰৰ উত্তৰখণ্ডৰ সদস্য তয়েজ আলীৰ বিৰুদ্ধে বঞ্চিত হিতাধীকাৰী সকলে বুধবাৰ ঢালিগাঁও থানাত এখন গোচৰ ৰুজু কৰিছে । দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ খনে এই দুৰ্নীতিৰ বিৰুদ্ধে উপযুক্ত গ্ৰহণ কৰে নে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in