চলন্ত ৰে’লৰ পৰা তেল চুৰি কৰি চোৰাং সৰবৰাহ কৰা একাংশৰ বিৰুদ্ধে ঢালিগাঁও আৰক্ষীৰ অভিযান…

চলন্ত ৰে’লৰ পৰা তেল চুৰি কৰি চোৰাং সৰবৰাহ কৰা একাংশৰ বিৰুদ্ধে ঢালিগাঁও আৰক্ষীৰ অভিযান…

author-image
asomiyapratidin
New Update
চলন্ত ৰে’লৰ পৰা তেল চুৰি কৰি চোৰাং সৰবৰাহ কৰা একাংশৰ বিৰুদ্ধে ঢালিগাঁও আৰক্ষীৰ অভিযান…

ডিজিটেল সংবাদ, চিৰাং : বঙাইগাঁও তেল শোধনাগাৰৰ পৰা যোৱা পেট্ৰলিয়াম জাতীয় তেল কঢ়িয়াই নিয়া চলন্ত ৰে'লৰ পৰা তেল চুৰি কৰি চোৰাং সৰবৰাহ কৰা একাংশ দুষ্ট চক্ৰৰ বিৰুদ্ধে ঢালিগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলায় ।

Advertisment

উল্লেখ্য যে এক গোপন তথ্যৰ ভিত্তিত মঙলবাৰে পুৱতি নিশা ঢালিগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৈখুনগাঁও জামতলা তিনিআলিৰ পৰা এ.এচ ০১ ই.জে ৮০৭৭ এল্ট' বাহনত পেট্ৰলিয়াম জাতীয় চোৰাং তেল ভৰ্তি ড্ৰাম কঢ়িয়াই নিয়া অবস্থাত হাতেলোটে ধৰা পেলায় ।

অভিযানকাৰী আৰক্ষীৰ দলে বাহনখনৰ পৰা জেহেদুল ইছলাম নামৰ এটা তেল চোৰক আটক কৰে । জব্দ কৰা এল্ট' বাহনৰ পৰা আৰক্ষীয়ে পেট্ৰলিয়াম জাতীয় তেল ভৰ্তি মুঠ আঠটা ড্ৰাম জব্দ কৰে । জব্দ কৰা ড্ৰামৰ তেলৰ পৰিমাণ ৪০০ লিটাৰতকৈ অধিক বুলি অনুমান কৰা হৈছে । আটকাধীন জেহেদুল ইছলামৰ ঘৰ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত লাংলা গাঁৱত ।

ঘটনা সন্দৰ্ভত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই কয় যে আৰক্ষীয়ে আটকাধীন তেল চোৰটোক সোধপোচ চলাই লাভ কৰা তথ্যত ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাৰ ওচমান আলী নামৰ এটা তেল মাফিয়াৰ নাম পোহৰলৈ আহে। ওচমান আলীৰ নেতৃত্বত এটা তেল চোৰৰ দলে বঙাইগাঁও শোধনাগাৰৰ পৰা ওলাই যোৱা তেল কঢ়িয়াই নিয়া চলন্ত ৰে'লৰ পৰা তেল চুৰি চক্ৰ চলাই নতুন নতুন কলা কৌশলেৰে অসমৰ বিভিন্ন জিলাত চোৰাং ভাৱে সৰবৰাহ কৰি আহিছিল ।

চিৰাং আৰক্ষীয়ে উক্ত তেল চোৰ চক্ৰৰ মাফিয়া ওচমান আলীক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে । আটকাধীন তেল চোৰটোৰ তথ্যৰ ভিত্তিত অভিযান চলাই বৰতালোৱাৰ ওচমান আলীৰ ঘৰৰ পৰা চুৰি তেল সৰবৰাহৰ কামত ব্যৱহৃত এ.এচ ১৫ এফ ৪৪৭৫ পঞ্জীয়ন নম্বৰৰ টাটা ইণ্ডিগো বাহন জব্দ কৰে । লগতে তেল চোৰ মাফিয়া ওচমান আলীৰ ভাতৃ ৰেজাউল আলীক আটক কৰি ঢালিগাঁও থানাত আনি অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

আৰু পঢ়ক : বিধ্বস্ত পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ একাংশ মহিলাৰ…

assam Assam police himanta biswa sarma chirang