বৃহৎ সফলতা! হস্ত নিৰ্মিত বন্দুকসহ ৩ চোৰাংচিকাৰী আটক, উদ্ধাৰ শুকান মঙহ…

বৃহৎ সফলতা! হস্ত নিৰ্মিত বন্দুকসহ ৩ চোৰাংচিকাৰী আটক, উদ্ধাৰ শুকান মঙহ…

author-image
asomiyapratidin
New Update
বৃহৎ সফলতা! হস্ত নিৰ্মিত বন্দুকসহ ৩ চোৰাংচিকাৰী আটক, উদ্ধাৰ শুকান মঙহ…

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্ত এলেকাত এচএচবিৰ অভিযানত অস্ত্ৰ-শস্ত্ৰসহ তিনিজন চোৰাংচিকাৰী আটক । প্ৰাপ্ত খবৰ অনুযায়ী বৃহস্পতিবাৰে এক বিশেষ সুত্ৰৰ পম খেদি কয়লা ময়লা স্থিত সশস্ত্ৰ সীমা বল চমুকৈ এচএচবি ৰ ১৫ নং বেটেলিয়ানৰ এটা দলে অভিযান চলাই পুৰ্ণিয়া বজাৰৰ এখন দোকানত অভিযান চলাই বন্যপ্ৰাণী হত্যা কৰি মঙহ বিক্ৰী কৰা এটা তিনিজনীয়া চোৰাং চিকাৰীৰ দলক আটক কৰে ।

অভিযানকাৰী দলটোয়ে দোকান খনৰ ভিতৰত তালাচী চলাই বস্তাৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত এশ কিলোগ্ৰাম ওজনৰ বনগৰু (বাইচন)ৰ শুকান মঙহ, এটা হস্ত নিৰ্মিত বন্দুক, কিছু গোলা বাৰুদ, তীৰ আৰু এটা ধনেশ পখীৰ ঠোট উদ্ধাৰ কৰে ।

আটকাধীন চোৰাং চিকাৰী ক্ৰমে বুথিৰাম বসুমতাৰী (৫৬) , ডিচেম্বৰ মহিলাৰী (১৮) আৰু তুজুৰস বসুমতাৰী (১৭) । তিনিওজনৰ ঘৰ আমগুৰী থানাৰ অন্তৰ্গত কয়লা ময়লা আৰক্ষী চকীৰ থাইগীৰগুৰী গাঁৱত বুলি জানিব পৰা গৈছে । এচএচবিৰ দলে আটকাধীন চোৰাংচিকাৰী কেইজনক বিয়লিৰ ভাগত কয়লা ময়লাৰ ফৰেষ্ট ৰেঞ্জ অফিচত গতাই দিয়ে । বনবিভাগৰ লোকে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে ।

arrested chirang