ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিৰ সমীপৰ "চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান" ৰ ভিতৰচৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। বনধ্বংসকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা চাৰিচকীয়া বাহন সহ বনৰক্ষীৰ লোকক আবদ্ধ কৰি ৰাষ্ট্ৰীয় উদ্যানতে প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰে একাংশ বনধ্বংসকাৰীৰ পৃষ্ঠপোষক এদল পুৰুষ মহিলাই । আবদ্ধ কৰি ৰখা নিৰস্ত্ৰ বনবিভাগৰ কৰ্মী সকলক অশ্লীল ভাষাৰে গালিগলাজ কৰাৰ উপৰি হাতত শিল লৈ চৰকাৰী বাহনৰ ক্ষতিসাধন কৰাৰ অপচেষ্টা কৰে দুস্কৃতিকাৰীৰ দলটোয়ে।
ইপিনে সতীৰ্থ সকলৰ এই খবৰ লাভ কৰি ৰুণীখাতা ৰেঞ্জৰ খুংগ্ৰীঙৰ পৰা আন এটা বনৰক্ষীৰ দল উক্ত ঠাইত আহি উপস্থিত হয়। বনৰক্ষীৰ দ্বিতীয় বাহনখনো দুস্কৃতিকাৰী সকলে আবদ্ধ কৰি ৰাখে । পিছত দাদগিৰি আৰক্ষী চকীৰ পৰা এটা সশস্ত্ৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আবদ্ধ কৰি ৰখা বনৰক্ষীৰ দলক মোকলাই আনিবলৈ সক্ষম হয় । ইয়াত প্ৰশ্ন উত্থাপিত হৈছে যে আজি নৱগঠিত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্বত থকা বনকৰ্মী সকলক উদ্যানৰ ভিতৰচৰাতে এই অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হবলগা হল কিয় ?
জানিব পৰা মতে সীমিত ক্ষমতাৰ মাজত বনবিভাগৰ লোকে ৰাষ্ট্ৰীয় উদ্যানটোৰ ভিতৰত চলি থকা বনধ্বংস কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰিছিল । বুধবাৰ দিনা বনবিভাগৰ এটাদলে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত বনধ্বংস কৰি ঘৰ নিৰ্মাণ কৰা বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাই এটা স্কুটি আৰু এটা মটৰচাইকেল জব্দ কৰিছিল । বনবিভাগৰ লোকে কিয় উক্ত স্কুটি আৰু মটৰচাইকেল দুটা জব্দ কৰিছে সেয়া মোকলাই দিব লাগিব বুলি দাবী উত্থাপন আজি বনবিভাগৰ কৰ্তব্যৰত দলটোক আবদ্ধ কৰি ৰাখিছিল মহিলা সহ এটা দুষ্কৃতিৰ দলে। আজি আৰক্ষীৰ লোক অহাৰ পিছতো আবদ্ধ কৰি ৰখা বনবিভাগৰ লোকক এৰি দিয়া নাছিল দুস্কৃতিকাৰীৰ দলটো । পিছত একপ্ৰকাৰ বাধ্য হৈ জব্দ কৰা স্কুটি আৰু মটৰচাইকেল মোকলাই দিয়াৰ পিছত আবদ্ধ কৰি ৰখা বনবিভাগৰ দলটোক যাবলৈ দিয়ে বুলি ভুক্তভোগী বনবিভাগৰ লোকক সকলে সদৰি কৰে ।
দুৰ্ভাগ্যজনক কথা যে তাৰ দুদিন আগত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এজন ব্যক্তিক যন্ত্ৰচালিত কৰত সহ আটক কৰিছিল কিন্তু আটক কৰাৰ কিছু সময়ৰ ভিতৰতে ৰাজনৈতিক দলৰ প্ৰভাৱশালী নেতাই বনবিভাগৰ লোকক ফোন কৰি মোকলাই লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ধ্বংস গৰাহত গতি কৰা সংৰক্ষিত বনাঞ্চলক সুৰক্ষিত কৰাৰ লক্ষ্যৰে "চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান" হিচাপে ঘোষণা কৰিছিল।
কিন্তু পৰবৰ্তী সময়ত অসম চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যানটোৰ কাৰ্য্যকৰী জাননী জাৰি নকৰাৰ ফলত ধ্বংসমুখী বনাঞ্চলক সুৰক্ষা প্ৰদান কৰিবলৈ বনবিভাগৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাছিল। দুৰ্ভাগ্যজনক কথা যে অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ পিছতেই চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্ত দাদগিৰি এলেকাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত নতুন নতুন এলেকাত বৃহৎ আকাৰৰ গছ গছনি কাটি তহিলং কৰি বাসস্থান বনাই খেতিবাতিলৈ ৰূপান্তৰিত কৰা কাৰ্য্য বৃদ্ধি পাইছে, বনবিভাগৰ লোক সকলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে সুৰক্ষা প্ৰদান কৰিবলৈ আজিলৈকে পৰ্য্যাপ্ত ক্ষমতা নিদিয়াৰ কাৰণেই এনেবোৰ অনাকাংক্ষিত ঘটনাবোৰ ঘটিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰকৃতিপ্ৰেমী সংগঠন "অৰণ" ৰ সাধাৰণ সম্পাদক ৰঞ্জিত মুছাহাৰীয়ে ।
এই পৰিস্থিতিত বনসুৰক্ষাৰ দায়িত্বত থকা বহু বনকৰ্মী তথা বনসুৰক্ষা বাহিনীৰ লোক সকলৰ মনোবল অৱনমিত হবলৈ ধৰিছে। যিখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাৰ বনাঞ্চলৰ সুৰক্ষা প্ৰদান কৰা দুৰৰ কথা বনকৰ্মী সকলে নিজেই সুৰক্ষিত নহয় তেনেক্ষেত্ৰত চিকনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্ব থাকিবনে !
এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপিত হৈছে যে বিটিচিৰ বনবিভাগৰ দায়িত্বত থকা কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ গৃহ জিলা তথা সমষ্টিতে যদি বনাঞ্চলক সুৰক্ষা দিবলৈ সক্ষম হোৱা নাই তেন্তে অইন জিলা বা তেখেতৰ পৰা বনসুৰক্ষাৰ কি আশা কৰিব ! বন ৰক্ষাৰ দায়িত্বত থকা বনবিভাগৰ লোকক এইদৰে আবদ্ধ কৰি ৰাখি ৰাষ্ট্ৰীয় উদ্যানটোৰ ভিতৰত বনধ্বংস কাৰ্য্য চলাই থকা ঘটনাক কেন্দ্ৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।