চিৰাঙৰ কাজলগাঁৱত কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণ শিৱিৰ...

সশস্ত্র সীমা বল চমুকৈ এচএচবিৰ ১৫ নং বেটেলিয়ানৰ জনকল্যাণমূলক আচঁনিৰ অধীনত ভাৰত-ভূটান সীমান্তৰ দক্ষিণ মাক্ৰা দংশীয়াপাৰা গাঁৱত কাঠফুলা উৎপাদন প্ৰশিক্ষণ শিৱিৰৰ আয়োজন হয়

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ কাজলগাঁৱত কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণ শিৱিৰ...

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ কাজলগাঁৱত কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণ শিৱিৰ। সশস্ত্র সীমা বল চমুকৈ এচএচবিৰ ১৫ নং বেটেলিয়ানৰ জনকল্যাণমূলক আচঁনিৰ অধীনত ভাৰত-ভূটান সীমান্তৰ দক্ষিণ মাক্ৰা দংশীয়াপাৰা গাঁৱত কাঠফুলা উৎপাদন প্ৰশিক্ষণ শিৱিৰৰ আয়োজন হয়।

Advertisment

উক্ত কাঠফুলা উৎপাদন প্ৰশিক্ষণ শিৱিৰত অঞ্চলটোৰ ৬০ গৰাকী মহিলা আৰু পুৰুষে প্ৰশিক্ষণ লাভ কৰে। কাঠফুলা উৎপাদনৰ প্ৰশিক্ষণ লাভ কৰা প্ৰশিক্ষক সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা উপলক্ষ্যে বিনামূলীয়া মানৱ চিকিৎসা আৰু পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

উক্ত শিৱিৰৰ উদ্বোধন কৰে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে। চিকিৎসা শিৱিৰত উপস্থিত থাকি সেৱা আগবঢ়ায় এচএচবিৰ ৩১ নং বেটেলিয়ানৰ চিকিৎসক বিষয়া তথা সহকাৰী কমাণ্ডেণ্ট অশ্বিনী কুমাৰ সিং, এচএচবিৰ বঙাইগাঁও আঞ্চলিক মুখ্য কাৰ্যালয় পশু চিকিৎসক তথা কমাণ্ডেণ্ট ডাঃ জয়ন্ত দেউৰীয়ে লগতে এচএচবিৰ ১৫ নং বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাণ্ডেণ্ট চৰ্দাৰ সিং চৌহান, ডেপুটি কমাণ্ডেণ্ট শ্ৰী অৰবিন্দ কুমাৰ চৌধুৰী।

শিৱিৰত ৯ খন গাঁৱৰ কেইবা শতাধিক লোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱ-জন্তুক বিনামূলীয়া চিকিৎসা আৰু ঔষধ বিতৰণ কৰা হয়। কাৰ্যসূচীৰ শেষত উপস্থিত গাঁওবাসীয়ে এই কাৰ্যসূচীৰ বাবে এছ এছ বিক ধন্যবাদ জ্ঞাপন কৰে।

Also Read: উভতনি যাত্ৰা: ক্ষতিগ্ৰস্থ এখন মহাকাশযান!

CRPF