পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, দাৰে ঘপিয়াই হত্যা, ৰায়দান দিলে আদালতে…

পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, দাৰে ঘপিয়াই হত্যা, ৰায়দান দিলে আদালতে…

author-image
asomiyapratidin
New Update
পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি, দাৰে ঘপিয়াই হত্যা, ৰায়দান দিলে আদালতে…

ডিজিটেল সংবাদ, চিৰাং: শুকুৰবাৰে চিৰাঙৰ বিজনী আদালতৰ এক ৰায়দানত পৰকীয়া প্ৰেমৰ এক বিষম পৰিণতি দেখিবলৈ পোৱা গ'ল । প্ৰথমতে প্ৰেমিকৰে মিলি ভাড়াতীয়া হত্যাকাৰীৰ হতুৱাই নিজৰ স্বামীক নৃশংস ভাৱে হত্যা কৰে আৰু এই পৰকীয়া প্ৰেম আৰু নৃশংস হত্যাকাণ্ডৰ আৰঁৰ কাহিনী পোহৰলৈ অহাৰ পিছত আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় দুই ভাড়াতীয়া হত্যাকাৰী এজনৰ ।

Advertisment

লগতে গ্ৰেপ্তাৰ হয় পৰকীয়া প্ৰেমত লিপ্ত প্ৰেমিক প্ৰেমিকা হাল ।শুকুৰবাৰে চিৰাঙৰ বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই পৰকীয়া প্ৰেমৰ অবৈধ প্ৰেমিকহালৰ লগতে এজন ভাড়াতীয়া হত্যাকাৰীক আজীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে ।

বিজনীৰ কাচদহাত বিগত ২০২১ বৰ্ষৰ ৬ জুলাইৰ নিশা বিজনী থানাৰ পৰা নিজৰ কৰ্তব‍্য সামৰি কাচদহাৰ ঘৰলৈ গৈ থকা সময়ত দুই অচিনাক্ত দুৰ্বৃত্তই দাৰে ঘপিয়াই নৃশংস ভাৱে হত‍্যা কৰিছিল গৃহৰক্ষী জোৱান ইয়াদ আলীক। পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল বিজনী ভাণ্ডাৰা বজাৰৰ ফাৰ্মাচিষ্ট খন্দকাৰ ছফিউৰ ৰহমান সৈতে গৃহৰক্ষী জোৱান ইয়াদ আলীৰ পত্নী লাল ভানুৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক আছিল । যি সম্পৰ্কক লৈ পত্নীৰ লাল ভানু আৰু প্ৰেমিক খন্দকাৰ ছফিউৰ ৰহমান মাজত গৃহৰক্ষী জোৱান ইয়াদ আলীৰ সৈতে তীব্ৰ মনোমালিন্যৰ সৃষ্টি হৈছিল ।

এটা সময়ত লাল ভানুয়ে অবৈধ প্ৰেমিক ফাৰ্মাচিষ্ট খন্দকাৰ ছফিউৰ ৰহমানৰ সৈতে মিলি গৃহৰক্ষী জোৱান ইয়াদ আলীক হত‍্যা কৰাৰ ষড়যন্ত্ৰ কৰে আৰু এক লাখ পঞ্চাশ হেজাৰ টকাৰ বিনিময়ত গৃহৰক্ষী জোৱান ইয়াদ আলীক হত্যা কৰাৰ বাবে দুই ভাড়াতীয়া হত্যাকাৰীক দায়িত্ব অৰ্পন কৰিছিলে ।

চিৰাং আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলাই হত্যাকাণ্ডত জড়িত চাৰি হত‍্যাকাৰী ক্ৰমে আব্দুল খালেক, আয়ুব আলী, প্ৰেমিক খন্দকাৰ ছফিউৰ ৰহমান, আৰু প্ৰেমিকা তথা নিহত গৃহৰক্ষী জোৱান জনৰ পত্নী লাল ভানুক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পৰবৰ্তী সময়ত আৰক্ষীৰ এনকাউন্টাৰত হত্যাকাৰী আব্দুল খালেকৰ মৃত্যু হয় ।

এই নৃশংস হত্যাকাণ্ড সন্দৰ্ভত বিজনী থানাৰ ২৯৯/২০২১ নং গোচৰ ৰুজু কৰি পৰবৰ্তী সময়ত বিজনী অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে আৰু মাত্ৰ এটা বছৰৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যা কৰাৰ গোচৰত অভিযুক্ত তিনিজন আচামীক ন্যায়াধীশ ইউছুফ আজাজৰ আদালতে আজীৱন কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰে লগতে প্ৰতিজন আচামীক ২০ হাজাৰ টকাৰ জৰিমনা বিহে।

২০ হাজাৰ টকা জৰিমনা অনাদায়ে দুই মাহ অতিৰিক্ত কাৰাবাসৰ ৰায়দান প্ৰদান কৰে । আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰে অতিৰিক্ত লোকঅধিবক্তা প্ৰবীণ দেৱ ৰায়ে । আজি গৃহৰক্ষী জোৱান ইয়াদ আলীৰ হত্যাকাণ্ডৰ ৰায়দান উপলক্ষ্যে বিজনীত উপস্থিত হৈ চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই কয় যে বিজনী থানাৰ আৰক্ষীয়ে উক্ত হত্যাকাণ্ডৰ ক্ষীপ্ৰ তদন্ত আৰু সময়মতে আদালতত অভিযোগনামা দাখিল কৰাৰ পিছত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত মাত্ৰ এটা বছৰৰ ভিতৰতে আদালতে তিনিজন আচামীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ ঐতিহাসিক ৰায়দান কৰে ।

এনেধৰনৰ ৰায়দানে সমাজত যোগাত্মক দিশ প্ৰতিফলিত হয় বুলি মন্তব্য কৰে । উল্লেখ যে এজন হত্যাকাৰী আয়ুব আলী উচ্চতম ন্যায়ালয়ত আপিল কৰি জামিনত মুক্তি লাভ কৰিছিল তাৰ পিছৰে পৰা হত্যাকাৰী আয়ুব আলী পলাতক হৈ আছে ।

আৰু পঢ়ক: ছিনজো আবেৰ হত্যা গণতন্ত্ৰৰ ওপৰত আক্ৰমণ ! বিশ্ব ৰাজনীতিত শোক, চীনত আনন্দ…

assam chirang murder case