চিৰাঙৰ কদমতলীত “ঐতিহাসিক মাৰ্জাৰ চুক্তি দিৱস উদযাপন”…

চিৰাঙৰ কদমতলীত “ঐতিহাসিক মাৰ্জাৰ চুক্তি দিৱস উদযাপন”…

author-image
asomiyapratidin
New Update
চিৰাঙৰ কদমতলীত “ঐতিহাসিক মাৰ্জাৰ চুক্তি দিৱস উদযাপন”…

ডিজিটেল সংবাদ, চিৰাং : ১৯৪৯ চনৰ ২৮ আগষ্ট অৰ্থ্যাৎ আজিৰ দিনটোতে ভাৰত চৰকাৰ আৰু কোচবিহাৰ ৰাজ্যৰ মহাৰাজা জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত ঐতিহাসিক মাৰ্জাৰ চুক্তিখন সম্পাদিত হৈছিল। উক্ত চুক্তিমতে কোচবিহাৰ ৰাজ্যক ভাৰত চৰকাৰে 'গ' শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যাদা প্ৰদান কৰিব।

Advertisment

কিন্তু ভাৰত চৰকাৰে আজিলৈকে উক্ত চুক্তিখন কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন দল সংগঠনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কলা পতাকা উৰুৱাই প্ৰতাৰণা দিৱস হিচাপে পালন কৰাৰ দিনটোতে দ্যা গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ উদ্যোগত চিৰাং জিলাৰ কদমতলীৰ ৰত্নপীঠ পথাৰত দিনজোৰা কাৰ্য্যসূচীৰে ব্যাপক উলাহ মালহেৰে কোচবিহাৰ ৰাজ্য আৰু ভাৰত-চৰকাৰৰ ঐতিহাসিক "মাৰ্জাৰ চুক্তি দিৱস" উদযাপন কৰে ।

পুৱা তেওঁলোকৰ শিৱচণ্ডী ধৰ্মীয় আচাৰ বিধি কৰাৰ পিছত ভাৰতৰ জাতীয় পতাকা আৰু কোচবিহাৰ ৰাজ্যৰ পতাকা একেলগে উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । অসমৰ বিভিন্ন জিলাৰ পৰা কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত কোঁচ-ৰাজবংশী জাতীয় নৃত্য গীত পৰিবেশন কৰা হয় ।

বিয়লিৰ ভাগত যোৱা কেইদিনমানৰ পৰা অসমৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দ্যা গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ প্ৰতিষ্ঠাপক সভাপতি অনন্ত ৰায় মহাৰাজ কোচবিহাৰৰ পৰা ওৱাই প্লাচ নিৰাপত্তাৰ মাজত চিৰাঙৰ কদমতলাৰ অনুষ্ঠানত আহি যোগদান কৰে ।

পাঁচ সহস্ৰাধিক লোকে অনন্ত ৰায় মহৰাজক বিপুল ভাবে আদৰি আনে । দেওবাৰৰ এই "মাৰ্জাৰ চুক্তি দিৱস" উদযাপন কাৰ্য্যসূচীৰ মুকলি সভাত দ্যা গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ প্ৰতিষ্ঠাপক সভাপতি অনন্ত ৰায় মহৰাজে ভাষণত কোচবিহাৰ ৰাষ্ট্ৰ ভাৰতৰে চামিলৰ ইতিহাস বৰ্ণনা কৰাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ লোকক একেলগে মিলি থকাৰ আহ্বান কৰে লগতে কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য হ'লে এই অঞ্চলৰ ব্যাপক উন্নয়ণ হ'ব বুলি দাবী কৰে।

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ২০১৫-১৬ চনত কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্য গঠন সন্দৰ্ভত আলোচনা হৈছিল । তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে এই অঞ্চলৰ সকলো পৰিস্থিতি পৰ্য্যৱেক্ষণ কৰি আছে । কেন্দ্ৰীয় শাসিত ৰাজ্য গঠনত বিৰোধিতা নকৰিবলৈ সকলো পক্ষকে অনুৰোধ জনায় । তেওঁ কয় ৰাজ্য এটা হ'লে সকলো জাতি জনগোষ্ঠীৰ লোক থাকিব। গতিকে বিৰোধিতা কৰি লাভ নাই উন্নয়ণৰ বাবে সকলো লোকেই সমৰ্থন কৰিব লাগে।

কোচবিহাৰ কেন্দ্ৰীয় শাসিত ৰাজ্যৰ বিৰোধিতা কৰা সকলক উদ্দেশি মহাৰাজে কয় – এতিয়া আৰু সেই সময় নাই, এটা বেজি মাটিত পৰিলেও চৰকাৰে দেখি আছে । আমি কথা পাতি থকাটোও চৰকাৰে দেখি আছে বুলি মন্তব্য কৰে। দেওবাৰে মঞ্চত ভাষণ দিয়াৰ আগতে অনন্ত ৰায় মহাৰাজে প্ৰথমে শিৱচণ্ডী পুজা কৰি সেৱা জনায়। তেওঁৰ লগত সভাত উপস্থিত থাকে গ্ৰেটাৰ কোচবিহাৰ পিপলচ এচোচিয়েশনৰ সভাপতি নিৰ্মল ৰায় আৰু সম্পাদিকা নমিতা ৰায়।

সভাপতি নিৰ্মল ৰায় আৰু সম্পাদিকা নমিতা ৰায়ে কোচ বিহাৰ ৰাষ্ট্ৰ কিদৰে ভাৰতৰে চামিল হৈছিল সেই সন্দৰ্ভত বিতং আলোচনা আগবঢ়ায় । প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই অনুষ্ঠান অনন্ত ৰায় মহৰাজৰ অনুগামী নাৰায়ণী সেনাই সুচাৰুৰূপে পৰিচালনা কৰা পৰিলক্ষিত হয় ।

আজি দ্যা গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এচোছিয়েচনৰ "মাৰ্জাৰ চুক্তি দিৱস" অনুষ্ঠানত বিজেপি, কোচ ৰাজবংশী সন্মিলনীকে আদি কৰি কেবাটাও দল সংগঠনৰ নেতৃত্ব উপস্থিত থকাৰ লগতে লক্ষ্যনীয় ভাৱে কমতাপুৰ শায়ত্ব শাসিত পৰিষদৰ কেবাজনো কাৰ্য্যবাহী সদস্য উপস্থিত থাকে।

assam himanta biswa sarma