চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ ৪জনকৈ শিক্ষকৰ ৰাজনৈতিক দলত যোগদান…

চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ ৪জনকৈ শিক্ষকৰ ৰাজনৈতিক দলত যোগদান…

author-image
asomiyapratidin
New Update
চিৰাঙৰ চৰকাৰী বিদ্যালয়ৰ ৪জনকৈ শিক্ষকৰ ৰাজনৈতিক দলত যোগদান…

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ নাঙলভাঙাত চৰকাৰী বিদ্যালয়ৰ চাৰিজনকৈ শিক্ষকে ৰাজনৈতিক দলত যোগদান কৰা বিষয়টো লৈ সাধাৰণ ৰাইজ আৰু অভিভাৱক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰাপ্ত খবৰ অনুযায়ী জিলা খনৰ অতিকৈ ভিতৰুৱা অঞ্চল হিচাপে চিহ্নিত নাঙলভাঙা গাঁৱৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৱ উদয় হাইস্কুলৰ শিক্ষক গফুৰ মৌলানা, ছামছুল হক, আব্দুল মজিদ আৰু আলতাফ হুছেইনে বৃহস্পতিবাৰ দিনা বিটিচিৰ শাসকীয় দল ইউপিপিএল ৰ কেন্দ্ৰীয় নেতা নিৰ্মল কুমাৰ ব্ৰহ্মৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে ।

Advertisment

শিক্ষক কেইজনে ৰাজনৈতিক দলত যোগদান কৰাৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পিছত নাঙলভাঙা অঞ্চলৰ সচেতন ৰাইজ আৰু অভিভাৱক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ৰাইজৰ প্ৰশ্ন গুণগত শিক্ষাৰ দিশত অসমৰ ভিতৰত অতিকৈ পিছ পৰা জিলা হিচাপে চিহ্নিত চিৰাং জিলা তাৰে মাজত ভিতৰুৱা অঞ্চলৰ নাঙলভাঙাৰ দৰে অঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠান এটাৰ শিক্ষক সকলে যদি এনেদৰে ৰাজনৈতিক দলত যোগদান কৰে তেনেহ'লে শিক্ষানুষ্ঠান খনত শৈক্ষিক পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত নিশ্চিত ভাৱে বিৰূপ পৰিব বুলি আশংকা প্ৰকাশ কৰে ।

স্থানীয় ৰাইজৰ অভিযোগ চৰকাৰী নিয়ম মতে কোনো চৰকাৰী শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী সকলে পোনপটীয়াকৈ কোনো ৰাজনৈতিক দলত যোগদান কৰিব নোৱাৰে তেনেক্ষেত্ৰত এইকেইজন শিক্ষকে কেনেকৈ এটা ৰাজনৈতিক দলত যোগদান কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ।

ৰাইজৰ দাবী নাঙলভাঙা অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান খনক গুণগত শিক্ষাৰ মানদণ্ড বজাই ৰাখিবলৈ আৰু ৰাজনৈতিক মুক্ত কৰি ৰখাৰ স্বাৰ্থত চৰকাৰী নীতি নিৰ্দেশনাক উলঙ্ঘন কৰি ৰাজনৈতিক দলত যোগদান কৰা শিক্ষক সকলৰ বিৰুদ্ধ উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ হস্তক্ষেপ দাবী কৰে ।

assam himanta biswa sarma bjp