চিৰাঙত ভয়ংকৰ বন ধ্বংস কাৰ্য…

চিৰাঙত ভয়ংকৰ বন ধ্বংস কাৰ্য…

author-image
asomiyapratidin
New Update
চিৰাঙত ভয়ংকৰ বন ধ্বংস কাৰ্য…

ডিজিটেল সংবাদ, চিৰাং: দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি চিৰাঙত বনবিভাগৰ অনুজ্ঞাপত্ৰ থকা কাঠৰ বিট কটা মিলৰ আঁৰ লৈ একাংশ দুষ্ট চক্ৰই চলাই আছে ভয়ংকৰ বন ধ্বংস কাৰ্য । বিভিন্ন মহলৰ পৰা দীৰ্ঘদিন ধৰি এই গুৰুতৰ অভিযোগ উত্থাপিত হৈ আছিলে অৱশেষত বন বিভাগৰ এক সফল অভিযানৰ অন্তত এই অভিযোগৰ সত্যতা পোহৰলৈ আহিছে।

শুকুৰবাৰে নিশাৰ ভাগৰ পৰাই চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিৰ নেতৃত্বত আৰু এচএচবিৰ ৬ নং বেটেলিয়ানৰ দাদগিৰি স্থিত 'জি' কোম্পানীৰ সহযোগত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা, বেংতল এলেকাৰ তিনিখন বনবিভাগৰ অনুজ্ঞাপত্ৰ থকা কাঠৰ বিট কটা মিলত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা আৰু ফলা কাঠ জব্দ কৰে ।

বনবিভাগৰ এই অভিযানৰ পিছত এটা কথা পোহৰলৈ আহে যে বনবিভাগৰ অনুজ্ঞাপত্ৰৰ আঁৰলৈ এটা শক্তিশালী বন মাফিয়া চক্ৰই কিদৰে বনধ্বংস কৰি কোটি কোটি টকাৰ চোৰাং কাঠৰ ব্যবসায় চলাই আছিলে । বনবিভাগৰ সুত্ৰই জানিবলৈ দিয়া মতে কালি নিশাৰ ভাগত অভিযান চলাই তিনিখন তথাকথিত বৈধ কাঠৰ বিট কটা মিল চৌহদৰ পৰা ২৭ ট্ৰেক্টৰ চোৰাং কাঠ জব্দ কৰে আৰু আজি পুণৰ ৰুণীখাতাৰ থাইকাঝোৰাৰ পৰা মিলৰ পৰা তিনি ট্ৰেক্টৰ চোৰাং কাঠ জব্দ কৰে ।

লক্ষ্যনীয় বিষয় যে বৰ্দ্ধিত বনধ্বংশৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নতুনকৈ বৃহৎ আকাৰৰ কাঠ কটা মিলৰ অনুজ্ঞাপত্ৰ দিয়াৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি থৈছে তেনেক্ষেত্ৰত বনবিভাগে কিহৰ ভিত্তিত কাঠ কটা মিলৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে । আচলতে বনবিভাগৰ পৰা মাত্ৰ দহ ইঞ্চি ব্যসাৰ্দ্ধৰ পট্টা মাটিৰ গছৰ কাঠৰ পৰা বিট কটাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ কতৃত্ব আছে ।

য'ত ষ্পষ্টকৈ উল্লেখ থাকে যে মিল সমূহত কোনো কাৰণতে দহ ইঞ্চিতকৈ অধিক ব্যসাৰ্দ্ধৰ গছৰ কুন্দাৰ কাটিব নোৱাৰিব কিন্তু ৰাজনৈতিক মদতপুষ্ট এটা শক্তিশালী মাফিয়া চক্ৰই কৌশলপূৰ্ণ ভাবে বনবিভাগৰ পৰা দহ ইঞ্চি ব্যসাৰ্দ্ধৰ কাঠৰ বিট কটা মিলৰ অনুজ্ঞাপত্ৰ বাহিৰ কৰি লৈ দিনৰ পোহৰতে অবৈধ ভাবে ডাঙৰ গছ কটা মেচিন স্থাপন কৰি বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ মূল্যবান গছ গছনি কাটি ধ্বংস কৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যবসায় চলাই আছিল ।

এনে নহয় যে বনবিভাগৰ লোকে এই বন মাফিয়া চক্ৰটোৰ বনধ্বংসৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰা নাছিল, নাম প্ৰকাশত অনিচ্ছুক একাংশ বনকৰ্মীয়ে ক্ষোভৰ সৈতে কয় যে যেতিয়াই বনবিভাগৰ লোকে এই চোৰাং কাঠ কটা বিট মিলৰ বিৰুদ্ধে ব্যবস্থা লবলৈ যায় তেতিয়াই বিট কটা মিল চলাই থকা চক্ৰটোৰ সৈতে জড়িত লোক সকলে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ মানুহ বুলি পৰিচয় দি ওলটাই বনবিভাগৰ লোকক ভয় ভাবুকি প্ৰদান কৰে বুলি অভিযোগ কৰে ।

পৰিবৰ্তনৰ শ্লোগান দি পৰবৰ্তী সময়ত ইউপিপিএল, জিএছপি আৰু বিজেপি দলে বিটিচিৰ শাসনভাৰ লাভ কৰাৰ পিছত কেৱল চিৰাং জিলাতে নতুনকৈ ২৮ খন দহ ইঞ্চি ব্যসাৰ্দ্ধৰ কাঠৰ বিট কটা মিলৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰে । বৰ্তমান সময়ত চিৰাং জিলা খনত বনবিভাগৰ দ্বাৰা অনুজ্ঞাপত্ৰ প্ৰদান কৰা মুঠ ৩২ খন দহ ইঞ্চি ব্যসাৰ্দ্ধৰ কাঠৰ বিট কটা মিল চলি আছে ।

কালি নিশাৰ পৰা আৰম্ভ হোৱা অভিযান সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে কয় যে বন মাফিয়া সকলে চোৰাং কাঠৰ সৰবৰাহ কৰাৰ সময়ত বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ নাম ব্যৱহাৰ কৰি আছে আৰু এই তথ্য লাভ কৰাৰ পিছত বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে তাৎক্ষণিক ভাৱে তেখেতৰ নাম লৈ বনধ্বংস কৰা চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ জাৰি কৰে আৰু সেই মৰ্মে কালি নিশাৰ পৰাই বনবিভাগৰ দলে ৰুণীখাতা আৰু বেংতল এলেকাৰ তিনিখন বিট কটা মিলত অভিযান চলাই কুৰি লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰি ৰুণীখাতা ৰেঞ্জ অফিচত আনে ।

নীতি বহিঃভূত ভাৱে অনুজ্ঞাপত্ৰ থকা বিট কটা মিলত অনৈতিক ভাবে বৃহৎ আকাৰৰ গছ কটা মিল স্থাপন কৰি বনধ্বংস কাৰ্য্যত লিপ্ত হোৱা অপৰাধত তিনিটা মিলৰ অনুজ্ঞাপত্ৰ ইতিমধ্যে বাতিল কৰিছে বুলি বনসংমণ্ডল বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

এতিয়া প্ৰশ্ন হয় জিলা খনৰ ৩২ খন চৰকাৰী অনুজ্ঞাপত্ৰ থকা বিট কটা মিলৰ ভিতৰত মাত্ৰ তিনিখনতে অবৈধ ভাবে বৃহৎ আকাৰৰ কাঠ কাটিছে নেকি ? বনবিভাগৰ লোকৰ জ্ঞাতাৰ্থে জনাও যে অসমীয়া প্ৰতিদিনৰ হাতত থকা তথ্য অনুযায়ী চিৰাঙৰ অধিকাংশ বিট কটা মিলতে অবৈধ ভাবে কম বেছি পৰিমানে চোৰাং কাঠৰ কুন্দা ফলা হৈ আছে । বিটিচিৰ বনবিভাগৰ দায়িত্বত থকা কাৰ্য্যবাহী সদস্যৰ গৃহ জিলাতে যদি চৰকাৰী অনুজ্ঞাপত্ৰধাৰী বিট কটা মিলত এনেধৰনৰ অনিয়ম চলি আছে তেনেহলে বাকি জিলা সমূহত কি চলি আছে সেয়া সহজেই অনুমান কৰিব পাৰি ।

আৰু পঢ়ক: প্ৰথম বিভাগত উত্তীৰ্ণ হ'লেই লাভ নকৰে আনন্দ ৰাম বৰুৱা বঁটা, নিৰ্ধাৰণ কাট অফ মাৰ্ক…

assam chirang