চিৰাং জিলা ছুপাৰ ডিভিজন ফুটবল লীগ আৰম্ভ

চিৰাং জিলা ছুপাৰ ডিভিজন ফুটবল লীগ আৰম্ভ

author-image
Asomiya Pratidin
New Update
চিৰাং জিলা ছুপাৰ ডিভিজন ফুটবল লীগ আৰম্ভ

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ভাৰত-ভূটান সীমান্ত ৰুণীখাতাৰ থাইকাঝোৰা ৰাইনো স্পৰ্টিং ক্লাব তথা লাইব্ৰেৰীৰ খেলপথাৰত দেওবাৰৰ পৰা আৰম্ভ হৈছে ১৬ সংখ্যক ছুপাৰ ডিভিজন আন্তঃক্লাব ক্লাব ফুটবল লীগ চেম্পিয়নশ্বিপ' ২০২৩ । উদ্বোধনী খেলখনত ইউনাইটেড চিৰাং দুৱাৰ এফ চিয়ে ঢালিগাঁৱৰ খৌৰামদাও ক্লাব তথা লাইব্ৰেৰীক ৩-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি অগ্ৰগতি লাভ কৰে।

Advertisment

উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক তথা চিৰাং জিলা ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত বসুমতাৰী, বি টি চিৰ ক্ৰীড়া বিভাগৰ কাৰ্যকৰী সদস্য দাওবৈছা বড়ো, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডঃ ছাংগ্ৰাং ব্ৰহ্মকে ধৰি ভালেমান বিশিষ্ট অতিথি উপস্থিত থাকে। আজিৰ এই উদ্বোধনী খেল প্ৰায় দুই সহস্ৰাধিক দৰ্শকে উপভোগ কৰে ।

Also Read: নিৰাপত্তাহীন বিজেপি নেত্ৰী! অশ্লীল ইংগিত দিয়া ৰাজ্যিক বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা নল'লে আত্মহত্যাৰ হুংকাৰ