/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2d530e0b-c864-4abd-8566-d7cb054104c3/Chirang.jpg)
ডিজিটেল সংবাদ, চিৰাং : অগ্নিনিৰ্বাপন বাহিনীৰ আস্থান নথকাৰ বাবেই চিৰাং জিলাৰ বাসুগাঁও চহৰত বিগত সময়ছোৱাত বহুলোকৰ সপোনৰ গৃহ, ব্যৱসায়ীক প্ৰতিষ্ঠান অগ্নিকাণ্ডত ভস্মীভূত হৈছিল। বহুলোকে সৰ্বস্বান্ত হেৰুৱাব লগীয়া ঘটনাও সুলভ আছিল বাসুগাঁও চহৰত। গাওঁ পঞ্চায়তৰ পৰা নগৰ সমিতিলৈ স্বীকৃতি লাভ কৰাৰ পঞ্চাশ বছৰ পলমকৈ হ'লেও চিৰাং জিলাৰ অন্যতম বাণিজ্যিক চহৰ বাসুগাঁৱত শুকুৰবাৰে নৱনিৰ্মিত অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱা আস্থানৰ শুভ উদ্বোধন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/dc1875e4-3ac7-4983-b4d7-9f668152a3dd/771aacf1_40ea_4eb3_bfed_7653af4c223d.jpg)
অসম চৰকাৰৰ অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱাৰ সঞ্চালক তথা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এচ.এন. সিঙৰ উপস্থিতিত বাসুগাঁৱৰ অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱা আস্থানৰ শুভ উদ্বোধন কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। উদ্ধোধন কৰি প্ৰমোদ বড়োৱে কয় যে,, "বাসুগাঁও চহৰত অগ্নিনিৰ্বাপন বাহিনীৰ আস্থান বহু পূৰ্বেই স্থাপন হ'ব লাগিছিল। অগ্নিনিৰ্বাপন বাহিনীৰ আস্থান নথকাৰ কাৰণেই বিগত সময়ছোৱাত বহুকেইটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়, যাৰ ফলত বহুলোকে নিজৰ সা-সম্পত্তি হেৰুৱাব লগা হৈছে। পলমকৈ হ'লেও আজি বাসুগাঁও চহৰৰ অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱা আস্থান উদ্বোধন কৰা হ'ল । আজি এই অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱা আস্থানৰ উদ্ধোধন কৰাৰ সুযোগ লাভ কৰি সুখী অনুভৱ কৰিছো" বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a2da2173-bf9e-45f9-b687-deeb23cd9850/5400a950_1bfc_4fb3_a80f_ca13ac983710.jpg)
এই অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱা আস্থানৰ দ্বাৰা বাসুগাঁও চহৰৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাইজে উপকৃত হ'ব। এতিয়া যদি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় তেন্তে নাগৰিকৰ সা-সম্পত্তি অধিক ক্ষতিসাধন হোৱাৰ আগতেই ৰক্ষা পৰিব বুলিও ভাষণত উল্লেখ কৰে। ইপিনে অসম চৰকাৰৰ অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱাৰ সঞ্চালক তথা বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এচ.এন. সিঙে কয় যে, বাসুগাঁও চহৰৰ এই নৱনিৰ্মিত অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱা আস্থানত এজন বিষয়াসহ ১৬ গৰাকী জোৱানক নিয়োজিত কৰা হৈছে। আস্থানত এক লাখ পানী মজুত ৰাখিব পৰা টেংক থকাৰ সমান্তৰালভাবে বৰ্তমান দুখন অগ্নিনিৰ্বাপন বাহন দিয়া হৈছে যদিও পৰৱৰ্তী সময়ত আৰু এখন সৰু বাহন যোগান ধৰা হ'ব বুলি জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/57389374-dc9a-41e2-9623-18ecdb6b468a/de6af0c4_4d05_4838_a50f_a6f1984b9e8e.jpg)
বাসুগাঁও চহৰ হিচাবে স্বীকৃতি লাভ কৰাৰ পঞ্চাশ বছৰ পিছত শুকুৰবাৰে অগ্নিনিৰ্বাপন আৰু আপাতকালীন সেৱা আস্থানৰ উদ্বোধন কাৰ্যসূচীত ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ পাৰিষদ অমৰ বসুমতাৰী, মনোনীত পাৰিষদ মাধৱ ছেত্ৰী, উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, পৌৰপতি সাধন চন্দ্ৰ মণ্ডল সহ বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ তথা বহু আমন্ত্ৰিত অতিথি উপস্থিত থাকে। ইপিনে বাসুগাঁওবাসী ৰাইজৰ দীৰ্ঘদিনৰ দাবী তথা বহু প্ৰত্যাশিত অগ্নিনিৰ্বাপন বাহিনীৰ আস্থান মুকলি কৰাৰ পিছত চহৰবাসীৰ লগতে দল সংগঠনৰ পৰা সন্তুষ্টি প্ৰকাশ কৰে আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
Also Read: হীৰুদা আৰু নীলমণি ফুকনৰ নামতেই হওঁক...