তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সাজু চিৰাঙৰ ৪০ টা পৰীক্ষা কেন্দ্ৰ…

তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সাজু চিৰাঙৰ ৪০ টা পৰীক্ষা কেন্দ্ৰ…

author-image
asomiyapratidin
New Update
তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সাজু চিৰাঙৰ ৪০ টা পৰীক্ষা কেন্দ্ৰ…

ডিজিটেল সংবাদ, চিৰাং : সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাতো ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰ, ২০২২ তাৰিখে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ নিযুক্তিৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব । এই নিযুক্তিৰ লিখিত পৰীক্ষাৰ বাবে চিৰাং জিলাত ইতিমধ্যেই ৪০ টা পৰীক্ষা কেন্দ্ৰ সাজু কৰি তোলা হৈছে । তিনিটা পৰ্য্যায় অনুষ্ঠিত হ'ব লগা এই লিখিত পৰীক্ষাত অসমৰ বিভিন্ন জিলাৰ পৰা মুঠ ৫০,৬৯৪ গৰাকী চাকৰী প্ৰত্যাশী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব ।

Advertisment

চিৰাং জিলাত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাৰ কেন্দ্ৰ সমূহৰ পৰ্যবেক্ষণ কৰিবলৈ পৰ্যবেক্ষক হিচাপে গুৱাহাটীৰ পৰা ৰাজ্যিক শ্ৰম বিভাগৰ সচিব মৃদুল কুমাৰ মহন্ত চিৰাঙত উপস্থিত হয়হি । ইপিনে এই লিখিত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চিৰাং জিলা দণ্ডাধীশ পি. বিজয়, ভাস্কৰ ৰেড্ডীয়ে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰে ।

জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্রসমূহত যাতে কোনোধৰণৰ বেমেজালি নোহোৱাকৈ নিয়াৰিকৈ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে জাৰি কৰা নিষেধাজ্ঞাসমূহ হৈছে। তাৰে ভিতৰত প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ নিৰীক্ষণৰ বাবে নিয়োজিত বিষয়াসকল আৰু পৰীক্ষাৰ্থীৰ বাহিৰে অন্য কোনো লোক সমাৱেশ কৰিব নোৱাৰিব।

পৰীক্ষা গৃহত পৰীক্ষাৰ্থীসকলে কেতবোৰ সামগ্ৰী কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সামগ্ৰীসমূহ হৈছে ক্ৰমে ম'বাইল ফোন, যিকোনো ইলেক্ট্ৰনিক সঁজুলি বা প্ৰগ্ৰামেবল ডিভাইচ বা ষ্টোৰেজ মিডিয়া ডিভাইচ যেনে স্মাৰ্ট ঘড়ী, হেলথ বেণ্ড, ইলেক্ট্ৰনিক পেন/স্কেনাৰ, ব্লুটুথ ডিভাইচ, ইয়াৰফোন, মাইক্ৰ'ফোন বা আন যিকোনো চুইচ অফ বা অন কৰা মুডত যোগাযোগৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰিব পৰা ডিভাইচ, কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা ইত্যাদি যিকোনো পাঠ্য সামগ্ৰী (মুদ্ৰিত বা লিখিত) অনুচিত উপায়ৰ বাবে ব্যৱহাৰ কৰিব পৰা যিকোনো সামগ্ৰী।

কোনো ব্যক্তিয়ে এই নিষেধাজ্ঞা উলংঘন কৰিলে আইনৰ বিধানৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি ৰাজহুৱা জাননীত উল্লেখ কৰা হৈছে ।

assam Assam police himanta biswa sarma bjp