/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/0e815128-e7cb-441c-8720-920fb42e49b2/ev.jpg)
ডিজিটেল সংবাদ, চিৰাং : বিটিচি প্ৰশাসনৰ নিৰ্দেশত মঙলবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চলত পুনৰ জিলা প্ৰশাসন আৰু বনবিভাগৰ লোকে যৌথ অভিযান চলায় । যোৱা ৩০ জানুৱাৰীৰ দিনা উক্ত সংৰক্ষিত বনাঞ্চলৰ ওদালগুৰী আৰু কলোবাৰী বনগাঁও এলেকাত অভিযান চলোৱাৰ পিছত আজি পুনৰ কৰাইবাৰী আৰু অক্সিগুৰী বনগাঁৱৰ দাতিকাষৰীয়া বনাঞ্চল ধ্বংস কৰি স্থাপন গাঁৱত উচ্ছেদ অভিযান চলায়।
আজিৰ এই উচ্ছেদ অভিযানত বনবিভাগৰ সশস্ত্ৰ বাহিনীৰ উপৰি আৰক্ষী, এচএচবি ৰ লোকে সহযোগ আগবঢ়ায় । আজিৰ এই দ্বিতীয় পৰ্যায়ৰ অভিযান সন্দৰ্ভত চিৰাং বনসংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে সংৰক্ষিত বনাঞ্চলৰ এশ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ বনবিভাগৰ পৰা আগতীয়াকৈ জাননী জাৰি কৰিছিল । কাৰণ কৰাইবাৰী আৰু অক্সিগুৰী এলেকা বনাঞ্চলৰ ভূমি বেদখল কৰা ৰখা লোক চিৰাং জিলাৰ স্থায়ী বাসিন্দা ।
বনবিভাগৰ জাননী লাভ কৰাৰ পিছত অধিকাংশ লোকে নিজৰ নিজৰ বাসস্থান এৰি নিৰাপদ দূৰত্বত গুচি গৈছিল । যাৰ কাৰণে কোনো বাধাৰ সম্মুখীন নোহোৱাকৈ আজি বনবিভাগৰ লোকে বনাঞ্চলৰ ভিতৰত অবৈধ ভাৱে নিৰ্মাণ কৰা ৯০ টাকৈ বাসগৃহ, মন্দিৰ, গীৰ্জা আজি জেচিবি লগাই ভাঙি দিয়ে । তাৰ মাজতে উচ্ছেদিত হোৱা কিছু মহিলাই অভিযানকাৰী দলৰ সন্মুখতে গাওঁ এৰি নোযোৱাৰ ভাবুকি প্ৰদান কৰে ।
তেওঁলোকে কয় যে আমি অইন বনগাঁৱৰ দৰে বেলেগ ঠাইৰ পৰা অহা মানুহ নহও আমি এইখন চিৰাং জিলাৰে ভূমিহীন মানুহ । আমাৰ থাকিবলগীয়া ঠাই নাই, আমাৰ কাৰণে কোনো বিকল্প ব্যবস্থা নকৰাকৈ এইদৰে কিয় উচ্ছেদ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে । এই অভিযানৰ বাবে বিটিচিৰ পাৰিষদ তথা বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক জগৰীয়া কৰি তেওঁৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে । ইপিনে উচ্ছেদ অভিযান নেতৃত্ব লোৱা ৰুণীখাতা ফৰেষ্ট ৰেঞ্জৰ ৰেঞ্জাৰ জচমানিক মুছাহাৰীয়ে কয় যে যেতিয়া লৈকে এই চিৰাং সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত নকৰিব তেতিয়ালৈকে এই উচ্ছেদ অভিযান চলাই যাব বুলি সদৰি কৰে ।
আৰু পঢ়ক: পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, প্ৰেমিকে হত্যা কৰিলে বিবাহিতা মহিলাৰ স্বামীক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us