চিৰাঙৰ চাপাগুৰীত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰা...

প্তম সংখ্যক ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়

author-image
Asomiya Pratidin
New Update
চিৰাঙৰ চাপাগুৰীত খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰা...

chirang

ডিজিটেল সেৱা, চিৰাং : চিৰাং জিলাৰ চাপাগুৰীত খ্ৰীষ্টিয়ান ধৰ্মালম্বী কেথলিক পন্থীৰ কেইবাসহস্ৰাধিক লোকৰ উপস্থিতিত সপ্তম সংখ্যক ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। বিগত দুটা বছৰ ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰা চিৰাং জিলাৰ চাপাগুৰীস্থিত এছটি এলয়ছিয়াছ চেমিনেৰী পৰা উলিওৱা এই ইউকেৰিষ্টিক শোভাযাত্ৰা চাপাগুৰীৰ এলেকা সামৰি পৰিভ্ৰমণ কৰে।

Advertisment

পৃথিৱীত বিভিন্ন দেশত বসবাস কৰা খ্ৰীষ্টিয়ান ধৰ্মৰ কেথলিক পন্থীৰ লোক সকলৰ আত্মবিশ্বাস কিমান আছে তাৰে পৰীক্ষাৰ বাবে প্ৰত্যেক বছৰে ইউকেৰিষ্টিক শোভাযাত্ৰা উলিওৱা হয় বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে। এই ইউকেৰিষ্টিক ধৰ্মীয় শোভাযাত্ৰাত বঙাইগাঁও ডায়চেচন অন্তৰ্গত প্ৰায় ৩৬ খন পাৰিচিচৰ লগতে অন্যান্য ধৰ্মীয় অনুষ্ঠান বা স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

আৰু পঢ়ক : ঢকুৱাখনাৰ উদীয়মান সাংস্কৃতিক কৰ্মী বিনোদ চুতীয়াৰ বিয়োগ...

assam chirang