চিৰাং জিলা ইউ পি পি এলৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন

বি টি চিত হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰৰ অপশাসন দুৰ্নীতি দাদাগিৰিৰ পৰা বিটিআৰ বাসী উদ্ধাৰ হৈছে : প্ৰমোদ বড়ো
চিৰাং জিলা ইউ পি পি এলৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ, চিৰাং : বি টি চিত হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰৰ অপশাসন দুৰ্নীতি দাদাগিৰিৰ পৰা বিটিআৰ বাসী উদ্ধাৰ হৈছে । এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

চিৰাঙৰ কয়লা ময়লা খেলপথাৰত মঙলবাৰে চিৰাং জিলা ইউ পি পি এলৰ ৭ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে । তেওঁ আৰু কয় যে বিটিআৰ বাসী ৰাইজে পুনৰ দাদগিৰি দুৰ্নীতি অপশাসন হোৱাটো নিবিচাৰে । যাৰ বাবে আজি হাজাৰ হাজাৰ মানুহ ইউপিপিএলৰ লগত ওলাই আহিছে। আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনত ইউপিপিএল, বিজেপি, এজিপি মিত্ৰজোঁট হিচাপে থাকিব ।

"নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলে প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছোঁ আৰু ওদালগুৰি লোকসভা সমষ্টিটো বিজেপিৰ বাবে ৰখা হৈছে। এই বিষয়ে আলোচনাৰ মাজেৰে সিদ্ধান্ত লোৱা হ'ব" বুলি প্ৰমোদ বড়োই উল্লেখ কৰি কয় যে ইউ পি পি এলৰ বিজেপি এজিপি মিত্ৰজোঁটৰ লগত ৰাইজ আছে। অনাগত দিনত মিত্ৰজোঁটৰ বাহিৰে কোনো দলে এই অঞ্চলত কাম কৰিব নোৱাৰে।

তেওঁ আৰু কয় যে হাগ্ৰামা মহিলাৰীয়ে যোৱা‌ ১৭ বছৰে পইচা আৰু ক্ষমতাৰ বাবে ৰাজনীতি কৰিছে। আমি পইচা আৰু ক্ষমতাৰ বাবে ৰাজনীতি কৰা নাই। নলেজ ফেষ্টিভেলত বিশ্বৰ বুদ্ধিজীবী সকল আহিছে। বাংলাদেশৰ ন'বেল বঁটা বিজয়ী মহম্মদ ইউনিচৰ দৰে ব্যক্তি কোকৰাঝাৰলৈ আহিছে। বিদেশৰ পৰা ৩৫ জনকৈ বুদ্ধিজীৱি আমাৰ অঞ্চলত আহি অৰ্থনৈতিক সামাজিক উন্নয়নৰ কথা কৈছে। কিন্তু যোৱা ১৭ বছৰে হাগ্ৰামাই এইবোৰ কৰিব পৰা নাই। যাৰ বাবে লাজ পাই নলেজ ফেষ্টিভেলত ৪৫ কোটি টকা খৰচ কৰিছে বুলি কৈছে।

নলেজ ফেষ্টিভেলত কিমান টকা খৰচ হৈছে সেৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ে জনাব । কিন্তু বিপিএফৰ দিনত হ'লে ৪৫ কোটি টকা খৰচ কৰিলে হেঁতেন। কাৰণ বিপিএফ দলে কেৱল টকা আৰু ক্ষমতাহে বুজি পায়। ৰাইজৰ অভাৱ অভিযোগ সমস্যা সম্পৰ্কে বিপিএফ দলে বুজি নাপায়। বিপিএফে নিজৰ ভুলবোৰ আমাক জাপি দি পুনৰ এটা ৰণকৌশল প্ৰস্তুত কৰিছে যদিও সেয়া সফল নহ'ব।

তেওঁ লগতে কয় যে বিপিএফৰ ৰাজনীতিৰ সুৰুজ ডুবিছে আৰু ইউপিপিএলৰ সুৰুজ উদয় হৈছে। বিপিএফ দলৰ হিম্মত আছে যদি লোকসভা নিৰ্বাচনত বিপিএফে দুটা সমষ্টি প্ৰতিদ্বন্দিতা কৰি জয়ী হৈ দেখুওৱাক। ইফালে গামোচা বিতৰ্ক সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে আমাৰ গামোচা সংস্কৃতিক সন্মান কৰাটো আমি বিচাৰোঁ। অসমৰ গামোচাৰ সন্মান বিশ্বৰ মানদণ্ডত আহিছে।‌ গামোচা আৰোনাই আমাৰ গৌৰৱ হয়। এনে সময়ত গামোচাক লৈ বিতৰ্ক কৰাটো উচিত নহয় আৰু বিতৰ্ক সৃষ্টি হোৱাটো কামনা নকৰো। গামোচাৰ দৰে বড়ো সকলৰ আৰোনাই আছে ঠিক তেনেদৰে ৰাভা কোচ ৰাজবংশী আদি কৰি সকলো জনগোষ্ঠীৰে আছে ।

এইবোৰক লৈ আমাৰ পৰিচয় আৰু অস্তিত্ব জীয়াই আছে। গতিকে কোনো ব্যক্তিয়ে এনেধৰণৰ কাম কৰিব নালাগে আমি ভাল নাপাওঁ । অনাগত দিনত কোনো ব্যক্তিয়ে যাতে গামোচাক লৈ এনেদৰে বিতৰ্ক নকৰে।

চিৰাং জিলাৰ ইউপিপিএলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে ভাষণ প্ৰদান কৰে।

কেইবা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা উক্ত সভাত ইউপিপিএলৰ প্ৰশাসনিক সম্পাদক হোম প্ৰসাদ শৰ্মা, বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়ো, পাৰিষদ তথা ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে। ইফালে উক্ত সভাৰ পূৰ্বে বিভিন্ন বিষয়ক লৈ জিলা ইউপিপিএলৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

চিৰাং জিলা ইউ পি পি এলৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন
কাক কৰিব বিশ্বাস ? জীৱন দায়িনী ঔষধৰো ভেজাল ! ১৮ টা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in