/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/886d467f-1342-4d95-8301-732558ecda57/chirang.jpg)
ডিজিটেল সংবাদ, চিৰাং : ২০০৩ চনত বিটিচি শান্তি চুক্তি হোৱাৰ পিছত পুৰণি কোকৰাঝাৰ জিলাক বাদ দি নতুনকৈ আৰু তিনিখন জিলা গঠন কৰা হৈছিল । তাৰে নতুন জিলা তিনিটা ক্ৰমে চিৰাং,বাক্সা আৰু ওদালগুৰি । এই কোকৰাঝাৰ, চিৰাং,বাক্সা আৰু ওদালগুৰি চাৰিখন জিলা সাঙুৰি গঠন কৰা হৈছিল ষষ্ঠ অনুসূচী শায়ত্ব শাসিত পৰিষদ ।আজিৰ এই দিনটোতে কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ কিছু অংশ লৈ নতুনকৈ গঠন হৈছিল চিৰাং জিলা আৰু আজি এই দিনটোতে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হৈছে 'চিৰাং জিলা দিৱস' ।
ৰাতিপুৱাৰ ভাগত প্ৰভাত ফেৰী উলিয়াই কাৰ্য্যসূচীৰ শুভাৰম্ভ হয় , তাৰ পিছত জিলাৰ ৪০ খন ঠাইত ছাফাই অভিযান চলোৱা হয় । তদুপৰি জিলাখনৰ বিভিন্ন প্ৰান্তত স্থানীয় প্ৰশাসনৰ উদ্যোগত সাংস্কৃতিক সমদল, মটৰচাইকেল আৰু চাইকেল সমদল, নতুন নতুন উন্নয়নমূলক আঁচনি ৰ শিলান্যাস কৰা হয় । তাৰে বাসুগাঁও মহাবিদ্যালয়ত পৌৰপতি সাধন মণ্ডল আৰু চিদলী ৰাজহচক্ৰ বিষয়া অমিত ৰঞ্জন বৰ্মনৰ উপস্থিতিত চাইকেল সমদল উলিওৱা হয় । জিলা সদৰ কাজলগাঁৱত আৰক্ষীৰ ফালৰ পৰা এক বৃহৎ মটৰচাইকেল সমদল উলিওৱা হয় । জিলা আৰক্ষী অধীক্ষক প্ৰানজিত বৰাৰ উপস্থিতিত পতাকা জোকাৰি মটৰচাইকেল সমদলৰ শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ।
ৰঞ্চাইধাম-গোসাইগাঁও সংযোগী গড়কাপ্তানি পথৰ কানিভূৰ নৈৰ ওপৰত কোটি টকীয়া ব্যায় সাপেক্ষে নিৰ্মাণ হবলগীয়া পকী দলঙৰ শিলান্যাস কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে । জিলা সদৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰ গ্ৰহণ কৰা হয় । বন্তি প্ৰজ্বলন কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, চিদলী বিধানসভাৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়কে । উদ্বোধনী তথা আঁদৰণি ভাষন আগবঢ়ায় উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডীয়ে । সমাজৰ বিভিন্ন ক্ষেত্ৰত অবদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানত বিভিন্ন বিভাগৰ পৰা জিলা খনত ৰূপায়ন হৈ থকা উন্নয়নমূলক কামকাজৰ খতিয়ান দাঙি ধৰে। ইপিনে বিজনী মহকুমাৰ চহৰতো প্ৰশাসন আৰু বিজনী পৌৰসভাৰ উদ্যোগত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দল আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই বিজনী চহৰ পৰিভ্ৰমণ কৰে। বিজনী মহকুমা আৰক্ষী প্ৰশাসনৰ উদ্যোগত মটৰচাইকেল সমদল উলিয়াই বিজনী এলেকা পৰিভ্ৰমণ কৰে ।