/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ মাক্ৰা নৈৰ পানীৰ সোঁতত বুধবাৰে এচডিআৰএফ বাহিনীয়ে এটা মৃতদেহ উদ্ধাৰ কৰে । মৃতদেহটো বিজনী ৰাজহচক্ৰৰ অন্তৰ্গত সুবাইঝাৰ ওদালগুৰি গাঁৱৰ বাসিন্দা জেবেশ্বৰ বড়ো (৬৫) বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে সোমবাৰ দিনা বিয়লিৰ ভাগত মাক্ৰা নৈ পাৰ কৰি গৰু অনাৰ সময়তে মাক্ৰা নৈৰ প্ৰৱল সোঁতে উটুৱাই লৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল । কালি পুৱাৰ পৰাই নিৰুদ্দেশ হৈ থকা জেবেশ্বৰ বড়োৰ সন্ধানত এচডিআৰএফৰ দলে অভিযান চলাই আছিল কিন্তু সফল হব পৰা নাছিল ।
আজি দুপৰীয়াৰ ভাগত মাক্ৰা নৈত নিৰুদ্দেশ হোৱা স্থানৰ পৰা নাতিদূৰত এচডিআৰএফৰ দলে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ যে মঙ্গলবাৰ বিয়লিৰ ভাগত চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত খুংখ্ৰাঝোৰা গাৱঁত মাক্ৰা নৈৰ বুকুৰ পৰা আন এজন লোকৰ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
মৃতদেহ লোকজনক দৈছুমগুৰী গাঁৱৰ বাসিন্দা শৈলেন বসুমতাৰী (৫৫) বুলি চিনাক্ত কৰা হৈছে । এইবেলি চিৰাং জিলাত এয়াই প্ৰথম বানপানীৰ কৱলত পৰি মানুহৰ মৃত্যু হোৱাৰ ঘটনা ।
আৰু পঢ়ক: আই নৈৰ তাণ্ডৱঃ গৰাখহনীয়াত বুৰ গ'ল ১০০ বিঘা খেতি মাটি, একমাত্ৰ খোৱাপানীৰ উৎস..
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us