৩ বছৰীয়া শিশু কন্যাৰ মৃত্যু; প্ৰতিবাদত উত্তাল চিৰাং…

৩ বছৰীয়া শিশু কন্যাৰ মৃত্যু; প্ৰতিবাদত উত্তাল চিৰাং…

author-image
asomiyapratidin
New Update
৩ বছৰীয়া শিশু কন্যাৰ মৃত্যু; প্ৰতিবাদত উত্তাল চিৰাং…

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ এংকৰবাৰীত জলজীৱন মিচনৰ কাম ৰূপায়নৰ নামত চৰম দুৰ্নীতিৰে ঠিকাদাৰে নিম্ন মানদণ্ডৰ কামৰ পৰিণতিত বুধবাৰে এটি তিনি বছৰীয়া শিশু কন্যাৰ কৰুণ মৃত্যু হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিৰ আৰু ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ কাৰণেই কনমানি জনীৰ মৃত্যু হ'ল বুলি অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে কেইবা শতাধিক পুৰুষ মহিলা ওলাই আহি দুৰ্ঘটনা সংঘটিত হোৱা পশ্চিম এংকৰবাৰী পানীযোগান আঁচনিৰ সন্মুখত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস মুৰ্দাবাদ, জনস্বাস্থ্য কাৰিকৰী বিভাগ হায় হায়, জলজীৱন মিচনৰ ঠিকাদাৰ হায় হায়, কণমানি টিনা ৰায়ৰ মৃত্যুৰ ন্যায় লাগে আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

১৯৮৫ চনত স্থাপন কৰা পানীযোগান আঁচনিটো বছৰৰ পিছত বছৰ ধৰি কেবল মেৰামতিৰ কৰিয়ে থাকে কিন্তু তাৰ বিপৰীতে আঁচনিৰ পৰা এটোপাল খোৱাপানী আজিলৈকে ৰাইজে লাভ কৰা নাই বুলি ৰাইজে অভিযোগ কৰে ।উল্লেখ যে কালি বিয়লিৰ ভাগত চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পশ্চিম এংকৰবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ লোৰ গেটত খেলি থকাৰ সময়তে গেট ভাঙি তিনি বছৰীয়া শিশু কন্যাটিৰ শৰীৰৰ ওপৰত পৰি যোৱাত থিতাতে মৃত্যু হৈছিল ।

জলজীৱন মিচনৰ অধীনত পানী যোগান আঁচনিৰ চাৰিসীমাৰ দেওয়ালৰ লোৰ গেট অতি নিম্ন মানৰ কাম কৰাৰ ফলতেই কালি বিয়লিৰ ভাগত শোকাবহ দুৰ্ঘটনাটো হবলৈ পালে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে । এই শোকাবহ ঘটনা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰি ঠিকাদাৰ জনৰ পঞ্জীয়ন বাতিল কৰাৰ দাবী কৰাৰ লগতে মৃত শিশুটিৰ পৰিয়ালক ২০ লাখ টকা এককালীন আৰ্থিক ক্ষতিপূৰণ আদায় দিয়াৰ দাবী কৰে প্ৰতিবাদকাৰী লোক সকলে ।

আজিৰ প্ৰতিবাদ স্থলীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে সঘনাই সংবাদ মাধ্যমত জলজীৱন মিচনৰ কথাকৈ লাখ লাখ পৰিয়ালৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ কথা ফুলজাৰি মাৰি থাকে কিন্তু প্ৰকৃতাৰ্থত জলজীৱন আঁচনিৰ এক ভেকোঁভাওনা বাহিৰে আন একো নহয় বুলি কটাক্ষ কৰে । এংকৰবাৰী পানীযোগান আঁচনিৰ জলজীৱন মিচনৰ যি কাম চলি আছে সেয়া আচলতে পুৰণি দেওয়াল আৰু পুৰ্বতে এবাৰ ভাঙি যোৱা লোৰ গেট খনক কোনোমতে মেৰামত কৰি ৰং সানি নতুন কৰি দেখুৱা হৈছে । এই সমগ্ৰ ঘটনা ঠিকাদাৰৰ সৈতে বিভাগীয় অভিযন্তা কৰ্মচাৰীৰ গোপন মিতিৰালি কৰি দুৰ্নীতি সংঘটিত কৰাৰ কাৰণে হৈছে বুলি সদৰি কৰে ।

assam chirang