চিৰাঙত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী…

চিৰাঙত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী…

author-image
asomiyapratidin
New Update
চিৰাঙত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী…

ডিজিটেল ডেস্ক, চিৰাং : চিৰাঙৰ ঢালিগাঁৱত আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি চি.আৰ.পি.এফৰ ১৫৬ নং বেটেলিয়ানৰ উদ্যোগত আৰু ১৫ নং এচএচবি, চিআইএচএফ আৰু চিৰাং পুলিচৰ সহযোগত এক বিশাল মটৰচাইকেল ৰেলী উলিওৱা হয় । হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচীক সফল ৰূপায়ণ আৰু ৰাইজৰ মাজত সজাগতা আনিবলৈ মুলতঃ ত্ৰিৰংগা পতাকা লৈ উলিওৱা দেওবাৰৰ এই মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে আৰু সহযোগ কৰে চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে ।

Advertisment

১৫৬ নং চিআৰপিএফ ৰ উদ্যোগত চিআইএচএফ, এচএচবি আৰু চিৰাং পুলিচৰ সন্মিলিত মটৰচাইকেল ৰেলীত উপস্থিত থাকে চিআৰপিএফৰ উপ মহাপৰিদৰ্শক (বঙাইগাঁও), জিলা উপায়ুক্ত পি.বিজয় ভাস্কৰ ৰেড্ডী, চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰা, এচএচবিৰ কমাণ্ডেন্ট নীৰজ চান্দ, চিআইএচএফ ৰ কমাণ্ডেন্ট পি.ডি, গাইকুণ্ড, চেকেণ্ড কমাণ্ডেন্ট কৈলাশ নাথ, চিআৰপিএফ ৰ সহকাৰী কমাণ্ডেন্ট ভৰত ভাই সহ অন্যান্য বিষয়া জোৱান । শতাধিক বিষয়া জোৱান সকলে অংশগ্ৰহণ কৰা এই মটৰচাইকেল ৰেলী ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ দুই নং প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা যাত্ৰা আৰম্ভ কৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে দি যাত্ৰা কৰি কোকৰাঝাৰ জিলাৰ কাঢ়িগাঁও লৈকে গৈ পুনৰ উভতি আহে ।

ইপিনে চিৰাং জিলা প্ৰশাসন আৰু চিদলী ৰাজহচক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ আন এখন মটৰচাইকেল ৰেলী উলিওৱা হয় । বিভিন্ন বিভাগৰ কৰ্মচাৰী, নেহেৰু যুৱ কেন্দ্ৰৰ হৈ যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰা এই হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতামূলক মটৰচাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মাই । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চিৰাং জিলা প্ৰায় প্ৰতি ঘৰতে দেশৰ স্বাভিমান প্ৰতীক স্বৰূপ জাতীয় পতাকা উত্তোলন কৰা পৰিলক্ষিত হৈছে ।

আৰু পঢ়ক : নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ…

RALLY assam chirang Assam police