chirang
chirang

বাসুগাঁৱতো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন...

সুধাকণ্ঠৰ একাদশ মৃত্যু বাৰ্ষিকী অন্যান্য ঠাইৰ লগতে চিৰাং জিলাৰ সীমান্তৱৰ্তী চহৰ বাসুগাঁৱৰ বিভিন্ন ঠাইত পালন কৰা হয়

ডিজিটেল সংবাদ, চিৰাং : কায়িকভাৱে নাথাকিলেও প্ৰতিপল অকল অসমবাসীৰে নহয় বিশ্বৰ একাংশ ঠাইৰ লোকৰ হৃদয়ত জীয়াই আছে প্ৰিয় শিল্পী বিশ্ব বৰেণ্য, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা । তেওঁৰ আজিৰ একাদশ মৃত্যু বাৰ্ষিকী অন্যান্য ঠাইৰ লগতে চিৰাং জিলাৰ সীমান্তৱৰ্তী চহৰ বাসুগাঁৱৰ বিভিন্ন ঠাইত পালন কৰা হয়।

তাৰে ভিতৰত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সম্মুখৰ ড০ ভূপেন হাজৰিকাৰ স্থায়ী প্ৰতিমূৰ্তিত ৰাতিপুৱা বন্তি প্ৰজ্বলন, মাল্যাৰ্পন আৰু মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি সমূহীয়াভাৱে পৰিবেশন কৰা হয় । বন্তি প্ৰজ্বলন কৰে ড০ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ উপসভাপতি পবিত্ৰ কুমাৰ ৰায়ে।

মাল্যাৰ্পন শুভাৰম্ভ কৰে জেষ্ঠ-বিশিষ্ট ব্যক্তি উমেশ অধিকাৰী আৰু মহিলা নেত্ৰী অলকা মেধীয়ে । ড০ ভূপেন হাজৰিকা স্মৃতি সংৰক্ষণ সমিতিৰ সম্পাদক শৈলেন দাসে আঁতধৰা অনুষ্ঠানটিত শিল্পী অজিত নন্দীৰ তত্বাৱধানত ড০ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি সমূহীয়া ভাৱে পৰিবেশন কৰা হয় ।

বাসুগাঁও জ্ঞানপীঠ জাতীয় বিদ্যালয়ত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মু খত বন্তি প্ৰজ্বলন, মাল্যাৰ্পনৰ উপৰি বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত পৰিবেশন কৰি মৃত্যু দিনটি উদযাপন কৰে । বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বন্তি প্ৰজ্বলন, মাল্যাৰ্পনৰ কৰে বিদ্যালয়ৰ উপাধক্ষ আৰছাদ আলী শ্বেখে ।

ইয়াৰ উপৰি শিক্ষয়িত্ৰী-শিল্পী জুৰি শৰ্মা, শিক্ষক হেৰম্ব কুমাৰ সিংহ, বিনয় সাহা আৰু ছাত্রী স্মৃতি বনিকে ড০ ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি ছাত্ৰ-ছাত্ৰী, অন্যান্য শিক্ষক-শিক্ষয়িত্ৰীক আপ্লুত কৰে ।

বাসুগাঁও চহৰৰ নিকটৱৰ্তী তথা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত জৰেগাঁৱত অৱস্থিত ড০ ভূপেন হাজৰিকা স্থায়ী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পনৰ উপৰি পূৰ্ব ডোকৰা জৰেগাঁও মধ্য ইংৰাজী বিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰে ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱসটি পালন কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in