/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/803eb25b-5067-4461-bf32-a5cf34d91bf0/tea1.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাতত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা অমানুষিক কাণ্ড। ডিফলু চাহ বাগিছাত সংঘটিত অমানুষিক ঘটনাৰ বলি ৪শিশু।
জানিব পৰা মতে,শুকুৰবাৰে ডিফলু চাহ বাগিছাৰ পাপু ঠাকুৰ নামৰ এজন ব্যক্তিৰ চেলুনত কেইটামান "লিছি"ৰ বটল চুৰি কৰাৰ অপৰাধত উক্ত শিশুকেইটিক শাস্তি দিয়ে। জঘন্য অপৰাধীৰ দৰে ৪শিশুক কেইগৰাকীমান ব্যক্তিয়ে ৰাজহুৱা স্থানত প্ৰহাৰ কৰাৰ উপৰি মূৰৰ চুলি খুৰাই শাস্তি প্ৰদান কৰে।
ইয়াৰ পাছতে ডিফলু পথাৰ আটছাৰ তৎপৰতাত বোকাখাত আৰক্ষীয়ে শিশুকেইটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰে। জানিব পৰা মতে, বৰ্তমানো সেই অমানুষিক অত্যাচাৰৰ ত্ৰাসৰ পৰা মুক্তি লাভ কৰা নাই শিশুকেইটিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5ea58015-db8f-4809-9743-8a0649307f4f/b5e6dc28_c009_486b_a1d3_d7c5e4037d31.jpg)
উল্লেখযোগ্য যে সমগ্ৰ ঘটনা গাঁওৰক্ষী বাহিনীৰ কৰ্মী কেশৱ কুৰ্মীৰ সন্মুখতে সংঘটিত হয়। আচৰিত কথা যে, ভুক্তভোগী শিশুকেইটিক কুৰ্মীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰিতে নিৰ্বোধ শিশুকেইটিক অত্যাচাৰৰ বাবে উচটনিহে দিয়াৰ অভিযোগ উত্থাপন কৰিছে ডিফলু চাহ বাগিছা আটছাৰ প্ৰাথমিক গোটে।
ডিফলু চাহ বাগিছা আটছাৰ কৰ্মকৰ্তাসকলে সমগ্ৰ ঘটনাৰ তাৎক্ষণিক তদন্ত কৰি নিৰ্বোধ শিশুকেইটিক অমানুষিক অত্যাচাৰ কৰা দোকানী পাপু ঠাকুৰ আৰু গাঁওৰক্ষী কেশৱ কুৰ্মীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে। ইয়াৰোপৰি সংঠনটোৱে বোকাখাত মহকুমাধিপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Also Read: সৰুপথাৰত 'ঘৰুৱা শ্ৰমিক সপ্তাহ' আৰম্ভ