/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e60f9be0-9cfc-4272-b4de-6f8204b8aca0/batadrawa.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত ভাৰত চৰকাৰে দিয়া প্ৰস্তাব গ্ৰহণ কৰি ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্য আগত ৰাখি ২০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ জিলা, খণ্ড আৰু অংগনবাড়ী কেন্দ্ৰ পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে মহিলা আৰু শিশু উন্নয়ন বিভাগে "পোষণ পখোৱাৰা ২০২৩" শীৰ্ষক কাৰ্যসূচীৰ অধীনত মিলেটৰ প্ৰচাৰ আৰু জনপ্ৰিয়কৰণৰ ব্যৱস্থা হাতত লৈছে।
এই "পোষণ পখোৱাৰা ২০২৩" কাৰ্যসূচীৰ লগত সংগতি ৰাখি বটদ্ৰৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বটদ্ৰৱা মুকলি গাঁও অংগনবাদী কেন্দ্ৰত আজি পঞ্চামৃত কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। ধনীয়াভেটী শাখা(চেক্টৰ)ৰ সৌজন্যত মূখ্য সেবিকা গিৰিজা দত্তৰ লগতে প্ৰনীতা বৰুৱা, থুনুমনি বৰা, খুদেজা খাতুন, ৰাচিদা বেগম, চাহিদা বেগম, নাজমা বেগম, খাদিজা খাতুন, ৰীমা কলিতাকে আদি কৰি কৰ্মী-সহায়িকা সকলৰ উপস্থিতত অনুষ্ঠিত পঞ্চামৃত কাৰ্য্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা হয়।
পাছত মাংগলিক কাৰ্যসূচীৰ মাজেৰে বটদ্ৰৱাৰ গৰ্ভৱতী মাতৃ তৃতীষা ভৰালীক পঞ্চামৃতেৰে আপ্যায়ন কৰা হয়। মুকলি গাঁৱৰ আইমাতৄ সকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত মূখ্য সেবিকা গিৰিজা দত্তই "শ্ৰী অন্ন (মিলেট)ৰ বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস সেয়ে বিশেষকৈ মিলেট হৈছে প্ৰটিন, কেলচিয়াম, আইৰণ, জিংক, ভিটামিন বি৬, ফলিক এচিড আদিৰ উৎকৃষ্ট উৎস আৰু আঁহ সমৃদ্ধ থাকে যি শিশুৰ স্বাস্থ্যকৰ বিকাশৰ বাবে অত্যাবশ্যকীয় পুষ্টি যোগানত সহায় কৰে। মিলেটযুক্ত খাদ্য গ্ৰহণ কৰি মহিলা আৰু শিশুসকলৰ মাজত পুষ্টিহীনতা যেনে মেদবহুলতা, ৰক্তহীনতা, হিডেন হাংগাৰ আদি ৰোগ দূৰ কৰিব পাৰি বুলি উল্লেখ কৰে।
Also Read: ৰৌতাৰ বোমা বিস্ফোৰণ সন্দৰ্ভত স্বীকাৰোক্তি প্ৰকাশ কে এল অ' (কে এন)ৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us