/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0b951fb5-7e81-487e-b6de-25dba10c6788/uuu.jpg)
নগাঁও আৰক্ষী
ডিজিটেল সংবাদ,নগাঁও : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ শৈল্য চিকিৎসা বিভাগৰ পৰা সন্ধানহীন হোৱা দহ বছৰীয়া কন্যা শিশুটিক উদ্ধাৰ কৰিছে নগাঁও আৰক্ষীয়ে ৷ আৰক্ষীৰ জোৰদাৰ অভিযানৰ পিছত মঙলবাৰে নিশা আৰক্ষীয়ে নগাঁও জিলাৰ শালনা চাহ বাগিছাৰ পৰা শিশুটিক উদ্ধাৰ কৰিছে ৷
শালনাৰ পৰা শিশুটি উদ্ধাৰ কৰি আৰক্ষীয়ে শিশুটিক স্বাস্থ্য পৰীক্ষা কৰি নগাঁও নাৰী গৃহত ৰখাৰ ব্যৱস্থা কৰে ৷ শালনাৰ গনেশ তাঁতী নামৰ লোকজনৰ ঘৰৰ পৰা শিশুটি উদ্ধাৰ হৈছে ৷ মৃত্যুৰ পূৰ্বে শিশুটিৰ মাতৃয়ে গনেশ তাঁতীক গতাই দিছিল কন্যা শিশুটিক ৷ ইফালে অগ্নিদগ্ধ মাতৃৰ মৃত্যুৰ পূৰ্বে কন্যা শিশুটিয়ে গনেশ তাঁতীৰ পৰিয়ালৰ লগত চিকিৎসালয়ৰ পৰা আঁতৰি যোৱা বুলি জানিব পৰা গৈছে ৷
আনহাতে আৰক্ষীয়ে চিকিৎসালয়ত আঠ হাজাৰ টকাত বিক্ৰী হোৱা তিনি বছৰীয়া পুত্ৰ সন্তানটিৰ সন্ধান বৰ্তমানেও লাভ কৰা নাই ৷ আগষ্ট মাহতে বিক্ৰী হোৱা পুত্ৰ সন্তানটিৰ সন্ধানত নগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
ইফালে চিকিৎসালয়ৰ নথিত কৰুনা বুলি উল্লেখ থকা মৃত মহিলা গৰাকীৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ মহিলাগৰাকী পূৰ্বে আছিল ঢেকিয়াজুলি ৰেল ষ্টেচনত ৷ গৃহহীন কৰুনা মূৰা নামৰ মহিলাগৰাকীয়ে তিনিবছৰীয়া পুত্ৰ আৰু দহবছৰীয়া কন্যাক লৈ ৰেল ষ্টেচনত বসবাস কৰি অহাৰ সময়তে নগাঁৱলৈ ইটা ভাটাত কাম কৰিবলৈ কৰুনাক লৈ আহিছিল শ্ৰমিক যোগান ধৰা কোনো লোকে ৷
ইটা ভাটাত কাম কৰা কৰুনা অগ্নিদগ্ধ হোৱাৰ পিছত ১১ আগষ্টত হাচান আলি নামৰ লোকজনে চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল যদিও মৃত্যু পৰ্যন্ত নি:সহায় মহিলাগৰাকীয়ে সু চিকিৎসা পোৱা নাছিল ৷
ইফালে অগ্নিদগ্ধ মহিলাগৰাকীৰ মৃত্যুৰ খবৰ চিকিৎসালয়ৰ তৰফৰ পৰা সোমবাৰে নিশা আৰক্ষীক জনোৱা হৈছিল যদিও আগষ্ট মাহতে তিনিবছৰীয়া পুত্ৰ সন্তান বিক্ৰী হোৱা ঘটনা আনুষ্ঠানিক ভাবে জনোৱা নাছিল ৷ লগতে চিকিৎসালয়ৰ পৰা দহবছৰীয়া কন্যা সন্তান সন্ধানহীন হোৱাৰ বিষয়ো আৰক্ষীক অবগত কৰা নাছিল বুলি অভিযোগ উঠিছে।