কোকৰাঝাৰত শিশু ধৰ্ষণকাৰী ছানিদুলক ২০ বছৰ সশ্ৰম কাৰাদণ্ড : ১০ হাজাৰ টকাৰ জৰিমনা…

কোকৰাঝাৰত শিশু ধৰ্ষণকাৰী ছানিদুলক ২০ বছৰ সশ্ৰম কাৰাদণ্ড : ১০ হাজাৰ টকাৰ জৰিমনা…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত শিশু ধৰ্ষণকাৰী ছানিদুলক ২০ বছৰ সশ্ৰম কাৰাদণ্ড : ১০ হাজাৰ টকাৰ জৰিমনা…

ডিজিটেল সংবাদ কোকৰাঝাৰঃ শিশু ধৰ্ষণকাৰী ছানিদুল ইছলামক কোকৰাঝাৰ জে. কোচৰ বিশেষ আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকা জৰিমনা বিহিছে । ইয়াৰোপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এমাহৰ বাবে সশ্ৰম কাৰাদণ্ড ভূগিব লাগিব বুলি কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ জে কোচৰ আদালতে নিৰ্দেশ প্ৰদান কৰিছে ।

শিশু ধৰ্ষণকাৰী ছানিদুল ইছলামৰ ৰায়দান সন্দৰ্ভত আজি বিশেষ চৰকাৰী অধিবক্তা মনজিৎ ঘোষে সংবাদ মাধ্যমৰ আগত কয় যে, ২০১৯ চনৰ ৭ জুলাইত ছানিদুল ইছলামে তেওঁৰ ঘৰৰ পিছপিনে গৰু চৰিবলৈ আহোতে এগৰাকী নাবালিকাক বলপূৰ্বক ধৰ্ষণ কৰিছিল। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত এটা গোচৰ (নং ৪৮/২০১৯) আৰু গোসাঁইগাঁও থানাত আন এটা গোচৰ(নং ২৮৯/১৯) পঞ্জীয়ন হৈছিল।

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা -376 AB IPC R/W -SEC-4 OF POCSO আইন অনুসৰি আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছিল আৰু আজি ইয়াৰ চুড়ান্ত ৰায়দান সম্পন্ন হয় । আদালতৰ ৰায়দান অনুসৰি শিশু ধৰ্ষণকাৰী ছানিদুল ইছলামক ২০ বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকা জৰিমনা বিহিছে । ইয়াৰোপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এমাহৰ বাবে সশ্ৰম কাৰাদণ্ড ভূগিব লাগিব আদালতে নিৰ্দেশ প্ৰদান কৰিছে ।