৬ বছৰীয়া শিশুক বলৎকাৰ কৰি হত্যা! হাইলাকান্দিৰ ঘটনাক লৈ দেশজুৰি চৰ্চা…

৬ বছৰীয়া শিশুক বলৎকাৰ কৰি হত্যা! হাইলাকান্দিৰ ঘটনাক লৈ দেশজুৰি চৰ্চা…

author-image
asomiyapratidin
New Update
ছাত্ৰীক যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা…

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু বলৎকাৰৰ দৰে জঘন্য ঘটনা। ৬ বছৰীয়া শিশুক বলৎকাৰ আৰু হত্যা কৰাৰ অভিযোগত সোমবাৰে আটক হয় এটি ১৫ বছৰীয়া কিশোৰ। এই ঘটনা হাইলাকান্দিৰ।

Advertisment

আৰক্ষীয়ে জনোৱা অনুসৰি কিশোৰ জনে ঘৰৰ ওচৰৰে ৬ বছৰীয়া শিশুক বলৎকাৰ কৰি হত্যা কৰে।ইয়াৰ পাছতেই ঘটনাৰ সকলো ধৰণৰ প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰে কিশোৰ জনৰ পিতৃয়ে।

জানিব পৰা মতে, ৬ বছৰীয়া শিশুটি ৯ ফেব্ৰুৱাৰীৰ পৰাই নিৰুদ্দেশ হৈ আছিল আৰু ১২ ফেব্ৰুৱাৰীত শিশুটিৰ মৃতদেহ উদ্ধাৰ হৈছিল।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে অন্য বন্ধু-বান্ধৱীৰ লগত খেলি থকা অৱস্থাতেই নিৰুদ্দেশ হয় শিশুটি আৰু তাৰপাছত ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ পাই অন্য শিশু সকলৰ ঘৰত তালাচী চলায়। আৰক্ষীয়ে জনাই যে সোধ-পোচৰ সময়ত এটা পৰিয়ালে কিছু অদ্ভূত আচৰণ কৰিছিল আৰু এটি কিশোৰে বাৰে বাৰে ভাষ্য সলনি কৰিছিল। যিহেতু তেওঁ কিশোৰ, সেইবাবে সকলো আইন অনুসৰি কৰা হৈছিল।

কিছু সময় পিছত কিশোৰটিয়ে সকলো তেওঁৰ দোষ স্বীকাৰ কৰি ঘটনা বিৱৰণী আৰক্ষীক দিয়ে। কিশোৰটিয়ে জনাই যে তেওঁলোকে একেলগে খেলি আছিল আৰু সেইসময়তে তেওঁলোক কাজিয়াত লিপ্ত হৈছিল। কিশোৰ জনে প্ৰথমে শিশুটিক প্ৰহাৰ কৰে আৰু পিছত জংঘললৈ টানি নি বলৎকাৰ কৰি হত্যা কৰে। আৰক্ষীয়ে জনাই যে মৃত্যু পূৰ্বে আঘাত প্ৰাপ্ত হৈছিল শিশুটি।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

rape minor Assam police