১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ'ল এটি কণমানি

১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ'ল এটি কণমানি

author-image
Asomiya Pratidin
New Update
১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ'ল এটি কণমানি

ডিজিটেল ডেস্কঃ আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে শিশু দিৱস। এই দিৱস উপলক্ষে প্ৰতি বিদ্যালয়, মহাবিদ্যালয়কে ধৰি বিভিন্ন সংস্থাই লৈছে বহু পদক্ষেপ। ইয়াৰ মাজতে চৰ্চালৈ আহিছে আৰক্ষীৰ এক বিশেষ পদক্ষেপৰ কথা।

Advertisment

শিশু দিৱসৰ দিনাই অসম আৰক্ষীয়ে গ্ৰহণ কৰিলে এক বিশেষ পদক্ষেপ। ১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ'ল কণমানি এটি।

আসনত বহিল ৪ বছৰীয়া আয়াঞ্চ জয়ছোৱাল। খাকী পোছাক পৰিধান কৰি ল'লে আৰক্ষীৰ দায়িত্ব। শিশু দিৱসত পাণবজাৰ থানাৰ এই পদক্ষেপে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা আয়াঞ্চৰ। ফাইলৰ সলনি হাতত চকলেটেৰে দিলে আয়াঞ্চক আৰক্ষীৰ দায়িত্ব। ইয়াক লৈ যথেষ্ঠ উৎসাহিত দেখা যায় শিশুটিক।

Also Read: এবিভিপিৰ বিশেষ কাৰ্যসূচীৰ অধীনত বটদ্ৰৱা থানলৈ কৰ্নাটকৰ তনুশা বি কে

Assam police