৭বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱা পুলিন ডেকাক সশ্ৰম কাৰাদণ্ড

শিশু যৌন নিৰ্যাতনকাৰীক ২৫ বছৰ সশ্রম কাৰাদণ্ড। অভিযুক্ত পুলিন ডেকাক বুধবাৰে এই কাৰাদণ্ড বিশেষ আদালতৰ।

author-image
Asomiya Pratidin
New Update
নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা অসীম চক্রৱৰ্তীৰ জামিন আবেদন নাকচ

ডিজিটেল ডেস্কঃ শিশু যৌন নিৰ্যাতনকাৰীক ২৫ বছৰ সশ্রম কাৰাদণ্ড। অভিযুক্ত পুলিন ডেকাক বুধবাৰে এই কাৰাদণ্ড বিশেষ আদালতৰ।

২০১৮ চনত ক্ষেত্রীৰ ঢোপগুৰি গাঁৱত সংঘটিত হৈছিল এই ঘটনা। পুলিনে এগৰাকী ৭ বছৰীয়া শিশুক চলাইছিল যৌন নিৰ্যাতন। গুৰুতৰ অৱস্থাত উদ্ধাৰ হৈছিল কণমানিজনী।

তাৰপাছতে অভিযুক্তৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। সেই গোচৰৰ ভিত্তিতেই আৰম্ভ হৈছিল তদন্ত। অৱশেষত POCSO আইনৰ ৪নং ধাৰাত শাস্তি প্রদান আদালতে শাস্তি প্ৰদান কৰে অভিযুক্তক।

ভুক্তভোগী কণমানিজনীক ১ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ দিয়ে আদালতে। জিলা আইন সেৱা প্রাধিকাৰীক এই ধন প্রদানৰ দায়িত্ব বিশেষ আদালতৰ।

Also Read: শ্ৰমিকৰ মুখত প্ৰস্ৰাৱ কৰা যুৱকৰ ঘৰত চলিল প্ৰশাসনৰ বুলড'জাৰ

Assam police