/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/chi.jpg)
ডিজিটেল সংবাদ, চিৰাং,: চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত মঙলবাৰে দুপৰীয়াৰ ভাগত এটি প্ৰায় দুবছৰীয়া শিশু সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈছে । মধ্য ৰুণীখাতাৰ ৰায়বস্তীৰ জলসিঞ্চন বিভাগৰ নলাৰ পানীৰ সোঁতত উটি যোৱাৰ সন্দেহ কৰা হৈছে।
সন্ধানহীন হোৱা শিশু কন্যা গৰাকীক মধ্য ৰুণীখাতাৰ ৰায়বস্তীৰ বাসিন্দা শংকৰদেৱ ৰায় আৰু অনিমা ৰায়ৰ ১ বছৰ ৯ মহীয়া লক্ষ্মিতা ৰায় বুলি জানিব পৰা গৈছে । আজি দুপৰীয়া আনুমানিক এটা বজাত দুজনী ছয়/সাত বছৰীয়া বাই- ভনীৰ সৈতে জলসিঞ্চন বিভাগৰ নলাৰ দাঁতিত খেলি থকাৰ সময়তে বাকি দুজনৰ অগোচৰেই তাই হঠাতেই নিৰুদ্দেশ হৈ যায়। লক্ষ্মিতা ৰায় নামৰ কনমানি শিশু কন্যাজনী হঠাতে নিৰুদ্দেশ হৈ যোৱা বিষয়টো পৰিয়ালৰ লোকে প্ৰথমে অনুমান কৰিব পৰা নাছিল যদিও অলপ পলমকৈ হ'লেও তাই নিখোজ হোৱাটো নিশ্চিত হোৱাত এক হুৱাদুৱা লাগি যায় । স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে নিখোজ শিশু কন্যাটিৰ সন্ধানত নামি পৰে ।
ইপিনে খবৰ লাভ কৰি ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপ্লৱ কোঁৱৰ ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ লগত পানীত নামি অনুসন্ধান চলায় যদিও সন্ধিয়া লৈকে নিখোজ শিশুটিৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহোৱাত অৱশেষত এচডিআৰএফ বাহিনীক খবৰ দিয়া হয় । সন্ধিয়াৰ ভাগত কাজলগাঁৱৰ পৰা এচডিআৰএফৰ দল ৰুণীখাতাত উপস্থিত হয় যদিও এন্ধাৰ হোৱাৰ কাৰণে উদ্ধাৰ অভিযান কাইলৈ পুৱা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে ।
আৰু পঢ়ক: মোৰ বাসগৃহত চলা নাই ইডিৰ অভিযান, সকলো খবৰ মিছা: আজমল