অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত বাক্সাত শিশু শ্ৰমিক উদ্ধাৰ

অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত বাক্সাত শিশু শ্ৰমিক উদ্ধাৰ

ডিজিটেল সংবাদ,মুছলপুৰ : বাক্সা জিলাৰ বিভিন্ন স্থানত অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ অভিযান। শুকুৰবাৰে চলোৱা এই অভিযানত ৬জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰে অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে ৷

শিশু শ্ৰমিক দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাজ্যিক শিশু সুৰক্ষা সমিতি, বেচৰকাৰী সংস্থা এ চি আৰ ডি, বাক্সা জিলা প্ৰশাসনে যৌথ অভিযান চলাই শিশু কেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে বাক্সা জিলাৰ ডুমুনীৰ পৰা ৪ গৰাকী আৰু তামুলপুৰ মহকুমাৰ কুমাৰীকাটা অঞ্চলৰ পৰা ২জন শিশু উদ্ধাৰ কৰে ৷

সম্প্ৰতি উদ্ধাৰ কৰা শিশু কেইগৰাকীক জিলা শিশু সুৰক্ষা সমিতিৰ কাৰ্যালয় লৈ আনি শিশু গৃহত ৰখা হৈছে যদিও পৰৱৰ্তী সময়ত নিজ নিজ পৰিয়ালক চমজাই দিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, জিলাখনৰ ভাৰত-ভূটান সীমান্ত অঞ্চল বিশেষ কৈ চাহ বাগিচা অঞ্চলৰ লোকসকলৰ দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন লোকে নিজৰ ঘৰত শিশুসকলক দোকান বা ঘৰত কাম কৰা ল'ৰা হিচাপে ৰখাৰ বিপৰীতে বহু সময়ত বহি:ৰাজ্যলৈও প্ৰেৰণ কৰি আহিছে ৷

সেয়ে আজি অভিযানকাৰী দলটোৱে অভিযান চলাই এনে ৬গৰাকী শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত বাক্সাত শিশু শ্ৰমিক উদ্ধাৰ
ঝাৰখণ্ডৰ কয়লা খনিত দুৰ্যোগ : নিহত ৩

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in