/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ এংকৰবাৰী গাঁৱত বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ধান ভঙা মিলত কাম কৰি থকা অৱস্থাত মিলৰ বেল্টে মেৰিয়াই এগৰাকী শিশু শ্ৰমিক গুৰুতৰ ভাৱে আহত হৈ মৃত্যুৰ সৈতে যুঁজ দিব লগা হৈছে । আহত কিশোৰ জনৰ নাম শাহিৰুল মণ্ডল (১৪) বুলি জানিব পৰা গৈছে ।
স্থানীয় লোকৰ অভিযোগ অনুসৰি আহত শাহিৰুল মণ্ডল আছকৰ আলী নামৰ ব্যক্তি এজনৰ অনুজ্ঞাপত্ৰ বিহীন ধান ভঙা মিলত শিশু শ্ৰমিক হিচাপে কৰ্মৰত আছিল । বৃহস্পতিবাৰে মিলত কাম কৰি থকা অৱস্থাতে দুৰ্ঘটনাবশতঃ শাহাৰুল মণ্ডলক মিলৰ বেল্টে মেৰিয়াই লৈ মেচিনত আবদ্ধ কৰে । এই পৰিস্থিতি দেখি উক্ত মিলতে কাম কৰা আন এজন চৈধ্য বছৰীয়া কিশোৰে বৈদ্যুতিক সংযোগ কৰ্তন কৰি মেচিনৰ বেল্টত আবদ্ধ হৈ থকা কিশোৰ জনক নমাই আনে ।
ইতিমধ্যে হাত – ভৰি, মূৰত আঘাতপ্ৰাপ্ত হৈ কিশোৰ জন লেবেজান হৈ পৰে । পিছত স্থানীয় লোকৰ তৎপৰতাত শাহিৰুলক সংকটজনক অৱস্থাত প্ৰথমে বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত লৈ যোৱা হয় যদিও চিকিৎসকে কিশোৰজনৰ শাৰীৰিক অৱস্থা অধিক অৱনমিত হোৱাৰ আশংকা কৰি উন্নত চিকিৎসাৰ বাবে কিশোৰ জনক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, স্থানীয় লোকৰ আপত্তি থকা স্বত্বেও ধান ভঙা মিলৰ স্বত্বাধিকাৰী আছকৰ আলীয়ে দুজনকৈ শিশু শ্ৰমিক নিয়োগ কৰি মিলটোৰ কাম চলাই আছিল বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে । আছকৰ আলীৰ উক্ত ধান ভঙা মিলটোৰ বৈধ অনুজ্ঞাপত্ৰ আছে নে নাই তাকে লৈয়ো সন্দেহ প্ৰকাশ কৰে । জিলা এ বি এম ছু ৰ সভাপতি আনোৱাৰ হুছেইনে আজিৰ এই দুৰ্ঘটনাৰ আক্ষেপ প্ৰকাশ কৰে আৰু শিশু শ্ৰমিক নিয়োগ কৰা আছকৰ আলীৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আৰু ধানৰ মিলটো বন্ধ কৰি দিবলৈ দাবী জনায় ।