/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/4dbd99bd-3041-413e-979a-ee6ed920a820/child_death.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰত অতি দূৰ্ভাগ্যজনকভাৱে পানীত পৰি এগৰাকী কণমানি শিশুৰ মৃত্যু হয় । পানীত পৰি মৃত্যু হোৱা কণমানী ছাত্ৰগৰাকীক দেৱৰাজ ৰায় (৮) বুলি জানিব পৰা গৈছে। ভোটগাঁও সমন্বয় বিদ্যাপীঠৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল দেৱৰাজ ৰায় ৷
উল্লেখ্য যে ভোটগাঁও সমন্বয় বিদ্যাপীঠৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ আছিল দেৱৰাজ ৰায় কালি বিদ্যালয় ছুটী হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল । মূলত প্ৰায় অভিভাৱকহীন হৈ পৰা শিশুটিৰ মাতৃ এক জটিল ৰোগত আক্ৰান্ত হৈ কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে পিতৃ সূদুৰ কেৰেলাত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ৷
শিশুটি সন্ধানহীন হোৱাৰ পিছত শিশুটিৰ আত্মীয়সকলে বিচাৰ-খোচৰ কৰে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহল । কালিয়েই কোকৰাঝাৰ সদৰ থানাত সন্ধানহীনতাৰ গোচৰ ৰজু হোৱাৰ পিছত আজি দূৰ্ভাগ্যজনকভাৱে শিশুটিৰ মৃতদেহ ঘৰৰ পিছপিনে থকা পুখুৰীৰ পৰা উদ্ধাৰ হয় । অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান তথা দীপজ্যোতি ৰায় আৰু কুঞ্জলতা ৰায়ৰ একমাত্ৰ পুত্ৰ দেৱৰাজ ৰায়ৰ অকাল মৃত্যুত সমগ্ৰ ভোটগাঁও অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷