/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/164262b8-a256-413b-9cfe-9087300edc66/nagaom.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কৃষ্ণাইখাটত মঙলবাৰে পুৱাই সংঘটিত হয় এক অঘটন।পুখুৰীত মাছ ধৰিবলৈ গৈ এটি শিশু পানীত পৰি যোৱাত লগতে থকা বায়েক প্ৰাণ ৰক্ষা কৰিবলৈ যায়। কিন্তু ভাতৃ-ভগ্নীয়ে পানীত ডুবি কৰুন মৃত্যুক সাৱতি লয় ৷ এই ঘটনাই শোকৰ ছাঁ পেলাইছে ৷
জানিব পৰা মতে কৃষ্ণাই ঘাটৰ ভুমিকা বৰা (১১) আৰু হিমাংশু বৰাই (৬) পুৱা ঘৰৰ কাষৰে পথাৰৰ পুখুৰীত বৰশী বাবলৈ গৈছিল। বানপানীৰ বাবে অঞ্চলটোৰ পথাৰৰ পুখুৰী পানীৰে ভৰি আছিল। একেদৰে পুখুৰীত মাছে উভয়নদী হৈ পৰিছে ৷ পাৰ নথকা এই পুখুৰীত মাছ ধৰিবলৈ গৈ দুই শিশুৰ সলিল সমাধি ঘটে ৷
মাছ ধৰিবলৈ গৈ দীৰ্ঘ সময় ধৰি শিশু দুটা ঘৰলৈ নহাত মাতৃয়ে বিচাৰ খোচাৰ কৰাৰ লগতে দিন হাজিৰা কৰা পিতৃক খবৰ দিয়ে ৷ দুপৰ ভাগত শিশু দুটিৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয়।