নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ…

নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, হাটশিঙিমাৰী: শুকুৰবাৰৰ পৰা জিঞ্জিৰাম নদীত গা ধুবলৈ গৈ নিখোজ হৈ আছিল ৫ বছৰীয়া এটি শিশু। নিখোজ হৈ থকা শিশু দূপৰীয়া প্ৰায় ২ বজাত আৰক্ষী-এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বেপাৰীপাৰা গাঁৱৰ মিৰ হুছেইন নামৰ লোক জনৰ ৫ বছৰীয়া কন্যা শিশু কালি বিয়লি প্ৰায় ৩ বজাত ঘৰৰ কাষতে থকা জিঞ্জিৰাম নদীত গা ধুবলৈ গৈ নিখোজ হৈ পৰিছল। শিশুটি আন এটি শিশু সৈতে গা ধুবলৈ গৈ নিখোজ হৈ পৰিছিল যদিও পৰিয়ালৰ লোকে বিষয়টো অৱগত হোৱা নাছিল।

সন্ধিয়া ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ লোকে গাওঁবাসীক সোধ-পোছ কৰাত শিশুটি নদীত পৰি নিখোজ হোৱা বুলি পৰিয়ালৰ লোকে অৱগত হয়। ফলত আজি পুৱাৰ ভাগত সুখচৰ থানাত বিষয়টো অৱগত কৰি পুৱাৰ পৰাই স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে।

আজি দিনৰ প্ৰায় ১১ বজাত সুখচৰ আৰক্ষীৰ দল এটা এছ ডি আৰ এফ বাহিনীৰ সৈতে উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই দিনৰ প্ৰায় ২ বজাত শিশুটিক জিঞ্জিৰাম নদীৰ মাজৰ পৰা উদ্ধাৰ কৰে। এই ঘটনাই সমগ্ৰ বেপাৰীপাৰা অঞ্চলত গভীৰ শোকৰ ছা পৰিছে।

আৰু পঢ়ক: লামডিঙত বানৰ তাণ্ডৱ; ঘৰৰ ওপৰত আশ্ৰয় বন্যাৰ্তৰ…

assam missing hathsingimari