/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা থানাৰ অধীনস্থ ৰাভাটাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ নিখোজ হৈ থকা দুটি শিশুৰ ভিতৰত এটি শিশুৰ মৃতদেহ ৰবিবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা আৰক্ষী-এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এতিয়া আন এটি শিশু সন্ধানহীন হৈ আছে।
উল্লেখযোগ্য যে শনিবাৰে দিনৰ প্ৰায় ১২ বজাত ঘৰৰ কাষতে থকা ব্ৰহ্মপুত্ৰ নদীত ৰাভাটাৰী গাঁৱৰ ৰাশিদুল ইছলামৰ কনমানি জীয়েক ৰাশিদা খাতুন(৫) আৰু হানিফ আলীৰ জীয়েক হালিমা খাতুন(৬) আন সমনীয়াৰ সৈতে গা ধুবলৈ যায়। দুয়ো নদীত গা ধুই থকা অৱস্থাত নদীৰ প্ৰবল সোতে দুয়োক উটুৱাই নিয়াত নদীৰ পাৰত থকা লোকৰ মাজত হৈ চৈ আৰম্ভ হয়।
লগে লগে স্থানীয় লোক সকলে উদ্ধাৰ অভিযান আৰম্ভ কৰি দক্ষিণ শালমাৰা থানাত খবৰ দিয়াত আৰক্ষীয়ে ততকালীন ভাবে এছ ডি আৰ এফ বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। কালি সন্ধিয়া প্ৰায় ৭ বজালৈ শিশু দুটিক উদ্ধাৰ কৰিব পৰা হোৱা নাছিল যদিও আজি বিয়লি প্ৰায় ৩.৩০ বজাত ৰাশিদা খাতুন নামৰ কনমানি শিশুটিৰ মৃতদেহ নদীৰ মাজৰ পৰা উদ্ধাৰ কৰা হয়।
বাতৰি লিখা পৰলৈকে এতিয়াও হালিমা খাতুন নামৰ কনমানি শিশুটি সন্ধানহীন হৈ থকাত আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে ৰাশিদা খাতুনৰ মৃতদেহ উদ্ধাৰ হোৱাত পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে।
আৰু পঢ়ক: চৰকাৰ-প্ৰশাসনে নহয় ;নাৰায়ণপুৰত ৰাইজে নিৰ্মাণ কৰিলে পথ…