কোকৰাঝাৰত ‘স্বাস্থ্যবান শিশু বঁটা’ প্ৰদান অনুষ্ঠান…

কোকৰাঝাৰত ‘স্বাস্থ্যবান শিশু বঁটা’ প্ৰদান অনুষ্ঠান…

author-image
asomiyapratidin
New Update
কোকৰাঝাৰত ‘স্বাস্থ্যবান শিশু বঁটা’ প্ৰদান অনুষ্ঠান…

প্ৰতিদিন ডিজিটেল সংবাদ, কোকৰাঝাৰ : মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে কোকৰাঝাৰত স্বাস্থ্যবান শিশু বঁটা প্ৰদান কৰা হয় । কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত হোৱা স্বাস্থ্যবান শিশু বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৩০ নং পূৱ বিধানসভা সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী আৰু ২৮ নং গোসাইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক জীৰন বসুমতাৰী।

অনুষ্ঠানত স্বাস্থ্যবান শিশুসকলক বঁটা প্ৰদান কৰা হয়। ইপিনে উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত বৰ্ণালী ডেকা উপস্থিত থাকি মহিলা আৰু শিশু উন্নয়ন বিভাগে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰাৰ লগতে মাতৃ আৰু শিশু সকলক পুষ্টিকৰ খাদ্য যোগান ধৰা হৈছে বুলি উল্লেখ কৰে ।

মঙলবাৰে স্বাস্থ্যবান শিশু বঁটা প্ৰদান দুটা শাখাত সম্পন্ন হয় আৰু নিয়মীয়াকৰণকৈ টিকাকৰণ কৰা, সু-স্বাস্থ্যৰ অধিকাৰী শিশুসকলক বঁটাৰ বাবে নিৰ্বাচন কৰা হয় বুলি জিলা উপায়ুক্ত বৰ্ণালী ডেকাই সদৰি কৰে ।

আৰু পঢ়ক :মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰাম আৰু ৰাইজৰ সহযোগত ত্ৰিৰংগা বিতৰণ

assam himanta biswa sarma kokrajhar bjp