বটদ্ৰৱাত শিশু অপহৰণকাৰী আটক...

ডিফুত উদ্ধাৰ বটদ্ৰৱাৰ ভেৰভেৰীৰ পৰা সন্ধানহীন হোৱা দুই শিশু

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত শিশু অপহৰণকাৰী আটক...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰীৰ পৰা যোৱা ৩ নৱেম্বৰত সন্ধানহীন হোৱা দুই শিশু নিশা বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীত লাহনৰ নেতৃত্বত আৰক্ষীৰ দলে ডিফু পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, বটদ্ৰবাৰ ভেৰভেৰীৰ আব্দুল বাৰেক আৰু আব্দুল মালেক দুই শিশু যোৱা বৃহস্পতিবাৰে পুৱা ৰাস্তাত খেলি থকা অৱস্থাৰ পৰাই সন্ধানহীন হৈছিল ৷

Advertisment

পিছত পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি কোনো সন্ধান লাভ নকৰি বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰিছিল। অৱশেষত আৰক্ষীৰ তদন্তত কাৰ্বি আংলং জিলাৰ ডিফু বাছ আস্থানৰ পৰা দুই শিশু উদ্ধাৰ হয়, লগতে খাদেজা খাতুন আৰু জীয়াবুৰ হুছেইন নামৰ দুটা অপহৰণকাৰীক আটক কৰে আৰক্ষীয়ে।

বৰ্তমান দুই অপহৰণকাৰীক বটদ্ৰবা আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Batadrawa assam